স্মৃতি--অৰুণামালি মৰাণ

©Admin
0
ৰিনিকি ৰিনিকি তোমালৈ
মনত পৰে।
মলয়া বতাহৰ দৰে এজাক
বতাহ মোৰ মন সাগৰত বলে।
চিনা জনা নাই একো,
মাত কথা হোৱা নাই একো।
তথাপি তোমাক ভাল লগা হ'ল।
চকুত চকু পৰি মিচিকিয়াই হহাঁ,
লাজত দুয়োৱে ৰঙাটি হোৱা,
ঘনাই উশা লোৱা।
তোমাক বাৰে বাৰে চাবলৈ মন যোৱা। 
চালেওঁ বিপদত পৰা ।
লগৰ-লগৰীয়া বোৰে জোকাই
তথাপিও তুমি মোলৈ চোৱা।
চকুত চকু পৰি আকৌ কেতিয়াবা হঠাতে তললৈ চোৱা।
একোতে নবহে মন
কিবা চতি - ফতি খন।
কিবা বুলি কিবা কৰা ।
জিভাতে কথা লাগি ধৰা ।
মাতো বুলি আগবাঢ়ি যোৱা 
মাতিব নোৱাৰি পিছলৈ ঘূৰি অহা।
ওপৰে আকাশ দেখি
 মন মোহ যোৱা।
তলৰ বন শ্যাম দেখি
চকু যোৰ হোৱা
স্মৃতি সদায় আপোন হৈ পৰা।। 
 
     
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)