মোৰ দুখৰ ঋতুত এজোপা ৰজনীগন্ধা-মায়াশ্ৰী ঠাকুৰ

©Admin
0
নিশা হ'লেই অকলশৰে বহো
  এক নিৰ্জন পৰিৱেশত
  তমসাত বহি বহি আমনি লাগিলে
  ‌কবিতাৰ সৃষ্টি হয়
  কি আচৰিত 
 ‌ যেন এটা কবিতাই বাট চাই আছিল
  কবিতাৰ শিৰোনাম 
  মোৰ দুখৰ ঋতুত এজোপা ৰজনীগন্ধা।

  কবিতাৰ ঋতুত বন্দী হৈ 
  নিৰ্জন ঠাইত হিয়া ঢাকুৰি কান্দো
  হাবাথুৰি খাও 
‌‌ অকণমান পোহৰ বিচাৰি।
  কি আচৰিত কেৱল মাত্ৰ এটা কবিতাই
  মুখৰ হাঁহি ঘূৰাই আনে
  হৃদয়ত ওলমি থাকে
  এজোপা ৰজনীগন্ধা।

  নিশা হ'লেই কবিতাই মোৰ সৈতে কথা পাতে
  কবিতা কি সুখ, দুখ , 
  সমাজ নে পৰিৱেশ
‌ নে জীৱনৰ সঙ্গী‌ 
‌ জীৱনৰ মৰ্ম কথা 
  কবিতাই প্ৰকাশ কৰে 
  সৰলতাক উদঙাই দিয়ে
  গভীৰ অগভীৰ সকলো মনৰ দুখৰ ঋতু
  এজোপা ৰজনীগন্ধা‌ হৈ ফুলে 
  মুখত বিৰিঙাই হাঁহি।

✍️  মায়াশ্ৰী ঠাকুৰ
       যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)