অভিমানী বৰষুণজাকৰ অভিমানত ডুব যায় ৰ'দালি ফুলপাহৰ হাঁহি।অভিমানী বৰষুণজাকৰ প্ৰেয়সী শিখাই সদায় অপেক্ষা কৰে অভিমানী টোপালবোৰলৈ।অভিমানী বৰষুণজাকতেই এদিন তাই সংগ বিচাৰি পাইছিল।সেই দুৰ্ঘটনাটোৰ বাবে তাই তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিল আৰু মা ,বা সম্বোধন কৰি হেৰুৱা মৰম বিচাৰি পাইছিল আৰু এতিয়া......! অকলশৰীয়া শিখাই সেইদিনাই এটি নতুন জীৱন পাইছিল।সেইদিনাৰ পৰা তেওঁলোকে শিখাক মৰমত ৰাখিছে। তেওঁলোকৰ বাবে শিখা আলসুৱা হৈ পৰিল। ৰুগীয়া শিখাক তেওঁলোকেই সুস্থ কৰি তুলিলে।মাক দেউতাকক হেৰুৱাই অকলশৰীয়া হৈ পৰা শিখাই এতিয়া অকলশৰীয়া অনুভৱ নকৰে।শিখাক বিচাৰি বিচাৰি বায়েক বাহিৰলৈ ওলাই আহিল।
••••••• অ' তই ইয়াতে আছ?আজি কবিনে অভিমানী বৰষুণজাক কিয় প্ৰিয়? নে উত্তৰ শুনিবলৈ ময়ো অপেক্ষা কৰিব লাগিব।
••• অপেক্ষা... অপেক্ষা কৰিলেহে সুখৰ দিনবোৰ আহে।
••••• ক না প্লিজ।
••••• তোৰ মনত আছেনে বা? সেই নিশাটোৰ কথা।অভিমানী বৰষুণজাকে যে বৰকৈ অভিমান কৰিছিল সেইদিনা। বৰষুণৰ টোপালৰ শব্দৰ মাজতো যে মোৰ চিঞৰ শুনিছিলি তঁহতে আৰু.... আৰু যে....!
••••• হ'ব দে ভণ্টি। নাকান্দিবি অ' পাগলীজনী। মোৰ মনত আছে সকলোবোৰ।সেই উচুপি উঠা সৰু ছোৱালীজনী এতিয়া বহুত ডাঙৰ হ'লি।যি হৈ গ'ল হ'ল আৰু। এতিয়া তই কেতিয়াও অকলশৰীয়া নহয়।আমি আছোঁ নহয় তোৰ লগত।কিয়নো পুৰণা কথাবোৰ উলিয়াব লাগে।বাদ দে হ'ব এতিয়া বেলেগ কথা ক।
•••••• পুৰণা কথা নহয় বা।এটা জীয়া কাহিনী। মোৰ কাহিনী আৰু... আৰু অভিমানী বৰষুণজাক ।তোমালোক সকলো মোৰ বাবে জীয়া কাহিনী।
•••••• অভিমানী বৰষুণজাক তোৰ যেনেকৈ প্ৰিয়। তেনেকৈ তইও আমাৰ বাবে বহুত বেছি প্ৰিয় ,আপোন।
( দুয়োজনীয়ে কান্দে)
•••••• অ' আই কি হ'ল আ'ক তঁহত দুজনীৰ। মই ভিতৰত ইমানকৈ চিঞৰি আছোঁ মাত এষাৰ নাই কাৰোৰে।আৰে কি হ'ল আক তঁহত দুজনীৰ। কান্দি আছ যে?
•••••• একো নাই হোৱা অ' মা।
•••••• ব'ল ভিতৰলৈ ব'ল ভাত বাঢ়িছো।
••••••• ব'লা।
••••• ভাত খাই কিন্তু ফুৰিবলৈ যাম দেই মা।
••••• হ'ব দে যাবি যাবি।
আগলৈ.........
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ