নাৰী হ'লো বুলিয়েই আৰু কিমান সহ্য কৰিম-দ্বীপ দিপাংকৰ লাহন

©Admin
0
আৰু কিমান সহ্য কৰিম
যন্ত্ৰনাময় জীৱন
মোৰো এখন হৃদয় আছে,আছে অযুত সপোন

প্ৰতি নিশাই কিমান আৰু সহ্য কৰিম অ'
তুমি কৰা অমানৱীয় অত্যাচাৰ বোৰ

কিমান চলাবা আৰু মোৰ ওপৰত 
বিষাদৰ যন্ত্ৰনা
আৰু কিমান সহ্য কৰিম মই?

তুমি মোৰ স্বামী মোৰ ভগৱান
পূজা কৰোঁ তোমাক
মোৰ হৃদয়ৰ থাপনাত

ৰাতি হ'লে  নিতৌ দেখা পাওঁ তোমাৰ সেই নৰখাদকৰ ৰূপ
নিজৰ চকু জুৰিকে বিশ্বাস কৰিবলে কঠিন হয়
তোমাৰ সেই ৰূপ দেখি

কি প্ৰমাণ দিলা তুমি যুগ্ম জীৱনৰ লগৰী বুলি
অগ্নি সাক্ষী কৰি তুমি মোক বিয়া কৰাইছিলা

নকৰিবা মোক দ্ৰৌপদিৰ দৰে বস্ত্ৰ হৰণ
দুষাশন হৈ নিতৌ মাজ নিশা

শিৱৰ দৰে মৰম কৰা
পাৰ্বতী হৈ আজীৱন তোমাৰ যুগৰ চৰণত ব্ৰতী হ'ম

কিন্তু এই আন্ধাৰ কোঠালীৰ মাজত 
আৰু সহ্য কৰিব নোৱাৰো মই

আজি ৬টা মাহে পোহৰ কি বস্তু মই পাহৰি পেলাইছো
কিয় তুমি মোৰ লগত এই ঘৃণনীয় কৰ্ম কৰিছা
কি ভুল কৰিলো মই,কি পাপত লিপ্ত হ'লো

এবাৰ কোৱা মোক

মই এতিয়া তোমাৰ সন্তানৰ মাতৃ হ'বলৈ উলাইছো
মোক আৰু শাস্তি নিদিবা অ'

নাৰী হ'লো বুলিয়েই আৰু কিমান সহ্য কৰিম
মোক মুক্তি দিয়া তোমাৰ শিকলিৰ কৱলৰ পৰা

নাৰী বোলে দেৱীৰ আন এটা ৰূপ
নালাগে মোক দেৱীৰ দৰে পূজাৰ বেদীত বহাব
পত্নীৰ দৰে একজলি মৰম কৰা মোক
তাতেই সন্তুষ্ট লভিম ওৰে জীৱন

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)