আমি বি এ গ্ৰেজুৱেট
নাজানোঁ এতিয়া কৰোঁ কি?
নাজানোঁ কেনেকৈ কৰোঁ প্ৰস্তুতি ভবিষ্যতৰ।
উত্তৰ বুলিবলৈ আছে মাথো মৌনতা
খুৰী, তোমাৰ প্ৰশ্নটিৰ "এতিয়া পিছে কৰিবানো কি?"
নাজানোঁ আৰু কিমান দিন শুনিব লাগিব
"লাইন লৈ পঢ়িব লাগিছিল। আজিকালি বি এ পঢ়ি লাভ নাই নহয়।" প্ৰশ্নবোৰ।
নোৱাৰি অধিক পঢ়িব
কাৰণ নিচেই সাধাৰণ "দৰিদ্ৰতা"
কি কৰোঁ কি নকৰোৰ দোমোজাত
আমিবোৰ এতিয়া গ্ৰেজুৱেট নিবনুৱা।
হয়, আমি বি এ গ্ৰেজুৱেট
নাজানোঁ এতিয়া কৰোঁ কি
মাথো বুজিছোঁ লাহেকৈ
আৰম্ভ হৈ গ'ল সংগ্ৰাম জীৱনৰ
পৰীক্ষা কেৱল প্ৰস্তুতিৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ