ফাগুনৰ ফাগুনি বতাহজাক
লাহে -লাহে বলিব ধৰিছে,
অলেখ বাসনা মোৰ প্ৰাণৰ
মাজত ধীৰে ধীৰে ভাবুকি
মাৰিছে।
মনটো যেন হেঁপাহেৰে ভৰ পূৰ
হৈ পৰিছে।
সাঁথৰ সাঁথৰ লগা শব্দবোৰ
হয়তো কাৰোবাৰ মধুৰৰ
পৰশত পাব কেতিয়াবা ভাষা।
সপোনবোৰেও যেন তেতিয়া
পোখা মেলিব।
উৰিব খুজিব দুটি মন মুকলি আকাশত।
বুকুত তেতিয়া মোৰ
বাজিব প্ৰতিধ্বনি ।
শত যুগ যুগান্তৰৰ
প্ৰণয় কাহিনী।
কিন্তু এটা কথা শুনি লাগে মোৰ ভয়
"প্ৰকৃত প্ৰেম নিজম নহয়"।
✍️অৰুণামালি মৰাণ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ