নুপূৰ‌-মনিষা আহমেদ

©Admin
0
বৰষুণৰ টোপালবোৰৰ মধুৰ শব্দবোৰে মোৰ চহৰত বাৰুকৈয়ে আমনি কৰিছিল ।
কেতিয়াবা খিৰিকীখন খোল খালেই টোপালবোৰে বৃষ্টিৰে আবিৰ সানিছিল ,মোৰ অজ্ঞাতে !!
মই কেইবাবাৰো বৰষুণজাকৰ ৰহস্য বিচাৰি গৈছিলোঁ !
কিন্তু শেষত শূণ্যটো লৈ ঘৰমুৱা হৈছিলোগৈ
মানুহবোৰে কোৱা শুনিছিলোঁ...
"সপোনবোৰ আধৰুৱা ৰৈ যোৱা এচামে হেনো এই বৰষুণজাকত ইনাই-বিনাই কান্দে..!!
উশাহটোও কিছুপৰৰ বাবে গধুৰ হৈ আহিছিল হয়তো মোৰ সন্ধানতে মোৰ চহৰত তাৰ নিতৌ আগমন ঘটিছিল..!!
আচলতে সম্পৰ্ক মোৰ লগত নহয়, মোৰ ভৰিত ওলমি থকা সেই নুপূৰ যোৰৰ লগত হে আছিল !
 কিয়নো নুপূৰ পিন্ধোৱা গৰাকী এই পৃথিৱীৰ পৰা কেতিয়াবাতে বিদায় মাগিছিল !!
নুপূৰ যোৰেও হয়তো তেওঁৰ আগমনৰ বতৰা পাইছিলগৈ,
সেয়ে, হয়তো বতাহ জাকৰ কোবত তাৰ শব্দবোৰ উচ্চস্বৰত বাজিছিল !
হয়তো ইমানদিনে তেওঁৰ চকুপানীবোৰত মই তিঁতিছিলোঁ..
তেওঁটো নাছিল, কিন্তু তেওঁৰ চকুপানীবোৰৰ লগত মোৰ নুপূৰ যোৰৰ নিতৌ বাৰ্তালাপ হৈছিল..
হয়তো মোৰ অজ্ঞাতে....!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)