আজি আকৌ কুৰিলৈ উভতি যোৱাৰ মন,
সেই যে আমাৰ আগৰ দিনবোৰলৈ মনত পৰিল।
আবেলি পৰত মোক চাবলৈ
আপুনি যে নদীৰ পাৰত ৰৈ আছিলে,
মোক চোৱাৰ লগে লগেই যে
আপোনাৰ দুটি নয়ন বৰ দোমোজাত পৰিছিলে।
মাজে সময়ে মোৰ দুটি নয়নে,
দূৰৰ পৰাই যেন আপোনাৰ দুটি নয়নক
আলিঙ্গন কৰিছিল।
লাহে লাহে মোৰ সেই চঞ্চলা চকুযুৰিৰ
সজল চাৱনিত
আপুনিও প্ৰেমত পৰিছিল।
উফ্....
আমাৰ যে প্ৰথম সাক্ষাৎ হোৱা
সেই বকুলতলিলৈ .....
আজি দেখোঁন বৰকৈ মনত পৰিছে অ'।
কলেজৰ পিছফালে আহি
চিঠিখন দি যোৱা সময়বোৰ
বৰ ভাল লগা আছিল,
নজনাকৈ চিঠিখন হাতত পাই
লাজতে, ভয়তে বুকুখন কঁপি উঠা দিনবোৰ
সচাঁই বৰ ভাল লগা আছিল।
এতিয়া আমি ষাঠিৰ বুঢ়া-বুঢ়ী,
তথাপিও দেখোন মনটোৱে
সেই কুৰিৰ পখিলাজনী হৈ
আপোনালৈ উৰা মাৰিছে।
এতিয়াও যেন আকৌ কুৰিৰ
সেই প্ৰেমিক-প্ৰেমিকা হ'বৰ মন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ