আঁকি পাগল কৰা প্ৰতি ক্ষণে।
মন যায় চোৱাকে চাওঁ যেন !
অভিমানী দুচকুৰ দুধাৰি চকুলো
যেতিয়া নামি আহে হিয়াৰ মাজত ,
তেতিয়া হিয়াৰ মাজত
ফুলি উঠে এপাহি গোলাপ।
হিয়াৰ গোপনে গোপনে
বৈ আহে এটি প্ৰেমৰ নৈ ।
কাজলি নয়নৰ নয়নমণি
হৈ জিলিকি উঠা
মোৰ হিয়াৰ দাপোনত
শুভ্ৰ চাদৰৰ আঁৰে আঁৰে
নীলা আঁচলৰ পতিত
জিলিকি উঠা তুমি শুভ্ৰ শাৰদী হৈ ।
ক'লা মেঘবোৰে আৱৰি ৰাখে
তোমাৰ অভিমানী মুখনি
বজ্ৰ নিনাদত খহি পৰা
এটা ডাৱৰৰ টুকুৰা
কেতিয়াবা বৰষুণ হৈ
নামি আহে হিয়া লৈ
আকৌ কেতিয়াবা ধুমুহা হৈ
কঁপাই যায় হিয়াখন।
কেতিয়াবা মুষলধাৰ বৰষুণৰ
পানীত বুৰ যায় হিয়াখন
অন্তহীন যাত্ৰাৰ সীমাহীন সপোনবোৰে
হিয়াৰ মাজত খিল খিল কৈ হাঁহি উঠে ।
বাস্তৱ সপোনো হেৰাই যায়,
সীমাহীন সপোনবোৰ মাজত
বজ্ৰ নিনাদ শুনি হিয়াও
জোৰে এটি হিয়াৰ গান
সপোনবোৰ সমাধিস্থ হৈ
হিয়াৰ মাজত কবৰ হৈ পৰিছে।
অসীম যাত্ৰাৰ সীমাহীন সপোনবোৰে
অন্তহীন লগ্নলৈ লৈ যায়।
✍️ মিন্টু গোৱলা,
লখিমপুৰ কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ