তাতোকৈ আপোনাৰ শাওণ
সবাতোকৈ মৰমৰ আবেলিৰ শাওণৰ
পথাৰত ৰোৱনীৰ নাচোন।
চেনেহৰ ৰোৱনী হাত এশখনী
মুখত মিচিকিয়া হাঁহি,
কঁকালৰ হাঁচতিত তামোলৰ খলকনি
ওঁঠতে শুৱনি হাঁহি।
গাঁৱৰে জীয়ৰী পথাৰৰ ৰোৱনী
বিশ্বৰে সুন্দৰী তুমি,
হাতৰে পৰশত প্ৰাণ পাই উঠিব
গুটি ধানৰ কঠিয়া খিনি ।
সপোন হৈ লাগিব তুমি ৰোৱা কঠিয়া
আঘোণত ঘৰলৈ আনিম,
ভঁৰাল উপচি লখিমী আহিব
তুমি ৰোৱা গুটিধানখিনিত ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ