দুপাখি মেলি
মুক্ত আকাশত উৰি ফুৰা।
মুক্ত আকাশৰ তলতেই
দেখা পাওঁ ফুটপাথৰ কাষে কাষে
কত যে কিমান অঘৰী লোক,
ভোকৰ তাড়নাত
তেওঁলোকৰ হৃদয়েও কৰে হাহাকাৰ।
মই গছৰ ডালত
সৰু সৰু পজা সাজি তোলোঁ,
কেতিয়াবা আকৌ সেই গছৰ ডালতেই
শুৱলা গীত গাওঁ।
মোৰ গীতৰ সুৰত
সাৰ পাই উঠে মানৱ জাতি,
পুৱাৰ সূৰ্যৰ উদয়তেই
এক নতুন সপোন ৰচে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ