ৰণ: দৌৰি আহি চিঞৰি চিঞৰি কৈছিল- অৰুণা " মই বিদেশলৈ যাব লাগিব অহা সপ্তাহত ।"
অৰুণা : কিয় যাবা ?
ৰণ : মই যে চাকৰি এটা এপ্লাই কৰিছিলো পাই গ'লো।
অৰুণা: কি সঁচা?
ৰণ: উম সঁচা।
অৰুণা : বাঃ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা যাচিলোঁ।
কিন্তু তালৈ গৈ মোক পাহৰি যাবা নেকি?
ৰণ : পাগল নেকি তোক পাহৰি যাবলৈ।
ৰণ গ'লগৈ চাকৰি কৰিবলৈ বিদেশলৈ। চাকৰি কৰিবলৈ গৈ তাৰে ইষ্টাফৰ এজনীৰ লগত চিনাকি হৈ প্রেমৰ আলাপ চলি গ'ল আৰু আনফালে অৰুণাই সি অহালৈ বাট চায় ৰৈছে । ফোন কৰিলেও তাৰ দেখোন কথা পাতিবলৈ সময় নাই ব্যস্ততা দেখুৱাই আঁতৰি যাব বিচাৰে।
এদিন হঠাৎে ফোন কৰি ৰণে
ক'লে -
অৰুণা মই বিয়া কৰালো মোৰ ইষ্টাফৰ এজনীক। তই আহিব দেই বিয়ালৈ। বেয়া নাপাবি মোক মই তোক দিয়া কথাবোৰ ৰাখিব নোৱাৰিলো।
বৰ সহজভাৱে কৈ গৈছিল। ইফালে অৰুণাৰ অৱস্থাৰ কথাটো তাৰ ভাবিবলৈ অকণো সময় নাই ।
খবৰটো পাইয়ে ধৈর্য্য হেৰুৱাই পেলাইছিল যদিও অৰুণাই মনটো যোৰকৈ বান্ধি লৈছিল।ফোনটো কাণত লৈ একে থিৰে ভাবি গৈছিল ৰণে দি যোৱা প্রটিটো প্রতিশ্রুতি। সি কিয় মোৰ লগত এনেকুৱা কৰিলে।
যদি মোক নিজৰ কৰিবই নোৱাৰা তেনেহ'লে কিয় ইমানবোৰ সপোন দেখুৱালা চিঞৰি চিঞৰি সুধিব মন গৈছিল ।
যদিও অৰুণাই মনটো যোৰকৈ বান্ধি লৈছিল আৰু উচুপি উচুপি কান্দিছিল। সি বুজনি নিদিলে তাই যেন একোৱেই বুজি নাপায়। এনেদৰে কান্দি কান্দি তাই টোপনি গুছি গ'ল।
✍️হীৰামণি দহোটীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ