অচিনাকী গলিতো-মিন্টু গোৱলা

©Admin
0
অচিনাকী গলিবোৰ 
আজি চিনাকী হৈ পৰিছে
গলিবোৰৰ মানুহবোৰ 
অচিনাকী আছিল
কিন্তু ?
আজি চিনাকী হৈ পৰিছে।

অচিনাকী গলিতেই থৈ গৈছিলোঁ 
এজনী এঞ্জেলা ! 
যদিও গলিতো অচিনাকী
কিন্তু ?
মানুহবোৰ চিনাকী আছিল।

এঞ্জেলা থকা গলিতেই মই সদায়
অলিয়ে -গলিয়ে তাইক লৈ ফুৰিছিলোঁ।

সেই গলিতেই মোৰ বাসস্থান
যত মোৰ এঞ্জেলাই বাস কৰিছিল ।
গলিতো চিনাকী হয় ,
 যদিও তাই গলিতো এৰি 
যোৱাৰ দিনৰ পৰা  
এতিয়া লৈ মোৰ বাবে অচিনাকী হৈ পৰিল।
   
 তাই যোৱা দিনা মোক একো
নোকোৱাকৈ গুচি গʼল ।

কিন্তু গলিতোৰ কাষতেই 
মোৰ বাবে ৰুই থৈ গʼল ,
এজোপা গোলাপ।
 
যি মোক আজিও ৰিঙিয়াই
মাতে সেই গলিতোলৈ ।

গলিতো সৰু ,
কিন্তু ?
 পৰিৱেশতো মনোমোহৰ আছিল ।
আজি ও মনত পৰে সেই গলিটোলৈ 
কিন্তু??
গলিৰ মানুহবোৰ
আকৌ অচিনাকী হৈ পৰিছে,
       কাৰণ মোৰ এঞ্জেলা জনী নাই।
তাইৰ বাবেই চিনাকী হৈছিলোঁ 
সেই গলিৰ মানুহবোৰ লগত ।
                   


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)