আহাৰ -লৱ বৈশ্য 

©Admin
0
এতিয়া বৰষুণ সৰাৰ সময়
কেঁচা মাটিৰ গোন্ধৰে 
কৃষকক জগাই তোলাৰ সময়..
হালুৱা বনুৱাৰ ঘামেৰে 
পথাৰ সজোৱাৰ সময়,

চৌদিশ সেউজীৰে ৰঙীল 
কৰা দেহ পোৰা ৰ'দ 
ফল ফুলেৰে ভৰাই তোলা 
এয়া আহাৰ,
জাক জাক বতাহে মন পথাৰ 
কোবাই যোৱা ঝংকাৰত 
এয়া অসমীৰ আহাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)