অসমীয়া সমাজৰ থলুৱা খাদ্য 'শুকতি মাছ'-ৰশ্মি ৰেখা দুৱৰা

©Admin
0
শুকতি মাছৰ শিৰোনামটো দেখি আপোনাৰ বাৰু জিভাৰ পানী পৰিছে নেকি?হয়তো আপোনাৰ জিভাৰ পানী নপৰিব পাৰে।কিন্তু মই নাম শুনিলেই খাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰওঁ।বিশেষকৈ আঘোণৰ পথাৰৰ নাম ললেই শুকতি মাছলৈহে মনত পৰে।আঘোণৰ পথাৰত সকলোৱে নৰাণিত একেলগে বহি খোৱা ভাতসাঁজত যদি শুকতি মাছৰ আঞ্জাখন নাথাকে আধৰুৱা যেনহে অনুভৱ হয়।সেই ভাতসাঁজ বৰ তৃপ্তিৰ।
          শুকতি মাছ প্ৰস্তুত প্ৰণালী এনেধৰণৰ- পোনপ্ৰথমে মাছখিনি ভালদৰে বাচি ধুই লৈ এখন চালনীত মেলি দিয়া হয়।চালনীখনত লাগি নধৰিবলৈ বিহলঙনীৰ পাত দি ধোঁৱাচাঙত শুকুৱা হয় মচমচীয়া হোৱালৈকে।তাৰপাছত বেত কচুৰ লগত মিহলি কৰি শুকান মাছখিনি খুন্দা হয়।ঘৰত ঢেঁকী থাকিলে ঢেঁকীটো খুন্দিব পাৰি।যিহেতু ঢেঁকী বৰ্তমান সময়ত সহজলভ্য নহয়,আপোনাৰ সুবিধানুযায়ী মিক্সাৰ গ্ৰাইণ্ডাৰটো খুন্দিব পাৰে।কচু আৰু শুকান মাছৰ গুড়িৰ মিশ্ৰণখিনি বাঁহৰ চুঙাত ভৰাই চুঙাটোত শুকান কলপাতেৰে সোপা দি সংৰক্ষণ কৰি থলে বহুদিনলৈকে খাব পাৰি।ইয়াকে কোৱা হয় শুকতি মাছ।কিছুলোকে কচু নিদিয়াকৈয়ো শুকান মাছৰ গুড়ি কলহত ভৰাই বহুদিনলৈ খায়।ভাতৰ লগত খোৱাৰ উপৰিও বৰা জলপানৰ লগতো শুকতি মাছৰ আঞ্জা খাব পাৰি।
শুকতি মাছ ৰান্ধিলে দূৰৈৰ পৰাই পৰিৱেশ মলমলাই থাকে।যিহেতু এতিয়া গ্ৰীষ্ম কাল অৰ্থাৎ গৰমৰ দিন।গৰমৰ দিনত মহে শুংফুটাই বেমাৰ বিয়পাবও পাৰে,সেই বেমাৰৰ পৰা হাত সাৰিবলৈ মাজে সময়ে শুকতি মাছৰ আঞ্জাও গ্ৰহণ কৰিব পৰা যায়।
      সকলোৰে ৰন্ধাৰ শৈলীবোৰ সুকীয়া-সুকীয়া।শুকতি মাছ কচু শাকৰ লগত ৰান্ধিলে আঞ্জাখন বৰ সোৱাদযুক্ত হয়।আলু পিটিকাৰ লগত শুকতি মাছ দিয়ো খাব পাৰি,লাই শাকৰ লগত দিয়ো খোৱা দেখা যায়,কলপাতত দি জুইত পুৰিয়ো খাব পাৰি।মুঠতে আপোনাৰ যেনেদৰে মন যায় তেনেদৰে ৰান্ধি খাব পাৰে।অসমীয়া সমাজৰ এবিধ থলুৱা খাদ্য শুকতি মাছ।আপুনি যদি আজিলৈকে খাই পোৱা নাই,এবাৰ হ'লেও সোৱাদ লবলৈ নাপাহৰিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)