কৰিম জয়
নহওঁ পৰাজয়
সকলো বাধা অতিক্ৰম কৰি
পাৰ হ'ম মোৰ শিক্ষাৰ জখলা।
নামানো হাৰ আন্ধাৰক পোহৰ
অগ্নিৰ শিখা কৰি পাৰ হম
মোৰ জীৱন জখলা।
মই ঠেলি গুচি যাম লোহৰ দ্বাৰ
মোহাৰি যাম অন্যায়।
চাওঁতাই চাব মই দেখুৱাই যাম
কওঁতাই ক'ব মই শুনি যাম।
তথাপিওঁ নামানো হাৰ।
আগুৱাই যাম মনত
সাহস আৰু আত্মবিশ্বাস লৈ
জ্ঞানৰ পোহৰেৰে পোহৰাই_
তুলিম এই ধৰণি।
বিশ্বাসে মোক সহায় কৰিব
পৰম পিতাই দেখুৱাব বাট।
মই নামানো হাৰ
মোৰ জীৱন জখলাত।
অৰুণামালী মৰাণ, কাকপথাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ