ৰসহীন পৃষ্ঠাৰ কবিতাৰো মৰহি পৰিছে সৌন্দৰ্য-সুগোন্ধ।
এতিয়া প্ৰতিজ্ঞাৰ প্ৰতিশ্ৰুত বিনিময়ত
মই...বিনিময়ৰ পন্য ৷
শেষ হোৱাৰ ইচ্ছা ক’ত ... !
য’ত শেষ হয় সপোন আৰু আপোন ৷
মোৰ উপজা ভাষাৰ শব্দ সদায় সঁজাল
সেয়ে মই শব্দৰ দাস ৷
সেউজীয়া গানৰ বিহুৱা সুৰত দেশত বিনন্দীয়া দিন ৷
দেহত তেজৰ স্তৱক ,
আকাশ জুৰি চমকি উঠে
কাৰ সৌন্দৰ্যৰ ভৈৰৱ ?
আজি হঠাৎ
তোমাৰ দুচকুৰে ঢাকি অনা
গোপন প্ৰেমালাপৰ পুৰি নিয়া জুই ৷
তীখাৰ তীক্ষ্ণতা আৰু তোমাৰ আকাংক্ষা ইতস্ততঃ থোৰ মেলা গোলাপ আহি মোৰ সৰ্বস্বত বিয়পি পৰে ... প্ৰেমৰ সম্বন্ধীয় প্ৰেমেৰে ৷
✍️বিকাশ দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ