আনক দেখুৱাই হাঁহি আছোঁ
কেতিয়াবা মিচিকিয়াই আৰু
কেতিয়াবা প্ৰাণ খোলাকৈ
হাঁহিছো কেৱল হাঁহিছো ।
বুকুত এসোপামান বিষাদ
আৰু যন্ত্ৰণাৰ নৈখন মোৰ
অভিমানী হৃদয়ত বোৱাই
অভিনয়ৰ হাঁহি ওঁঠত আকিছোঁ
হাঁহি হাঁহি অভিনয় কৰিছোঁ ।
জীৱনত জয়ী হোৱাৰ সুখনে?
নে সফলতা বিফলতাৰ দুখ!
একোৱেই ধৰিব পৰা নাই
তাৰপিছতো নিলাজৰ দৰে
আনক দেখুৱাই হাঁহি আছোঁ
অভিনয় কৰিছোঁ সুখী হোৱাৰ।
কেতিয়াবা ভাবোঁ উদাস হৈ থাকিলে
কিজানিবা মোৰ বিষাদৰ
ওজন জুখিবলৈ আহিব
নহ'লেবা মোৰ যন্ত্ৰণাৰ
কাৰণ কি বুলি সুধিব
সেই ভাবিয়ে অভিনয়তে
সদায় হাঁহি থাকোঁ মিছাকৈ
কাৰণ মই নোৱাৰিম
মোৰ দুখবোৰ প্ৰকাশ কৰিব
প্ৰকাশ কৰিবলৈ নিশিকিলোৱে যে
ক'বলৈ এখন হৃদয় বিচাৰি নাপালোঁ যে
সেইবাবেই অভিনয়তে জীৱন জীয়াইছোঁ
অভিনয়ৰ হাঁহিতে সৰগ ৰচিছোঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ