মই হʼম সাগৰ,
দুয়ো বিলিন হʼম
অসীম দিগন্তত।
মোৰ অনুভৱৰ অনুভূতিবোৰক
খেদি ফুৰিছে, মোৰ ভাৱনা বোৰে।
আকাশৰ বিশালতাৰ দৰে
মোৰ অনুভৱবোৰ,
সাগৰৰ দৰে গভীৰ
মোৰ অনুভূতি।
আকাশৰ বিশালতাই কেতিয়াবা
সাগৰৰ নীলাবোৰকো সামৰি লয়,
হয়তো, অনুভৱবোৰো
কেতিয়াবা অনুভূতি হৈয়ে ৰয়,
যেনেকৈ মোৰ অনুভৱে
তোমাক সাৱটি লʼলে।
মোৰ নীলা ৰঙটো প্ৰিয়,
কাৰণ নীলা ৰঙে
প্ৰেমক সূচায়,
নীলা আকাশ, নীলিম সাগৰ,
আনকি কলমৰ চিয়াঁহী......
এই কলমৰ চিয়াঁহীৰে নিগৰি পৰে
অশ্ৰুত কবিতাৰ ৰাগি,
যি কবিতাৰ ইতি তুমি।
মোৰ হৃদয়ৰ প্ৰতিটো স্পন্দনত
তোমাৰ নামেই উচ্চাৰণ হয়,
বাৰে বাৰে ব্যাকুল হৈ পৰে
মোৰ এই মন।
কেতিয়াবা তুমি মোৰ কাৰণে
মৰীচিকা হৈ পৰা,
কাষত নাথাকিলেও তোমাক যেন
ওচৰতে অনুভৱ কৰোঁ।
যেতিয়া তোমাৰ চকুৱে হাঁহে
তেতিয়া মোৰো মন যায়
মন খোলি হাঁহিবলৈ,
আৰু যেতিয়া তোমাৰ চকুৱেদি চকুলো বাগৰে
তেতিয়া মোৰ মন যায়,
চকুপানীৰে এখন নৈ
বোৱাই দিবলৈ।
প্ৰেম, দুটা বৰ্ণৰ এটা শব্দ
প্ৰেমৰ সংজ্ঞা বিচাৰিবলৈ
মই নাযাওঁ,
মোৰ কাৰণে তুমিয়েই প্ৰেমৰ
এক জ্বলন্ত সংজ্ঞা।
প্ৰেম সকলোতে আছে,
এই নীলা চিয়াঁহীৰ কলমেৰে লিখা
এই কবিতাও এক প্ৰেম,
ডাৱৰে আকাশখন আৱৰি
ধৰাটোও প্ৰেম,
আৰু যেতিয়া এই ডাৱৰখিনি
বৰষুণ হয়,
সেয়াও জানো প্ৰেম নহয়?
প্ৰেমৰ পৰিধি বিশাল,
আকাশ আৰু সাগৰৰ দৰে।
যেতিয়া আকাশৰ ডাৱৰ
বৰষুণৰ টোপাল হৈ নামি আহে,
তেতিয়াই প্ৰেমৰ চিয়াঁহীৰে লিখা যায়
জীৱনৰ প্ৰতিটো পৃষ্ঠাৰ পাতনি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ