নিজৰ বুলিবলৈ আছিল মাথোঁ
পাহাৰ- প্ৰকৃতি, কৃষ্ণচূড়া
আৰু সূৰ্য উঠা দেশ ,
নিৰ্বাসিত এই পথত
নাপাওঁ যদি একো
তথাপি, এই নিৰিবিলি, লীলাকেন্দ্ৰত
অহোৰাত্ৰি আহ্বান জনায়
সৌন্দৰ্য্যৰ মনোৰম মেলাত ।
মই সেই অৰণ্য মানৱৰ
প্ৰাচীন ৰজন
যাৰ চকু মুখত ঢৌৱাই
বন বিৰিখৰ কেঁচা গোন্ধ ,
দেহৰ প্ৰতিটো ভাঁজে ভাঁজে থাকে
শেলুৱৈৰঙী আন্ধাৰ ।
চকু মেলি চোৱাচোন ,
মাটিৰ ধৰনীৰ প্ৰাচীন ৰজা মই
যাৰ নিজৰ বুলিবলৈ সাঁচি ৰাখিছে
ক'ত পৰিত্যাক্ত মৰম -ভালপোৱা,
জোন - জ্যোৎস্নাৰে ভৰা
আঁউসী জোনাক
আৰু,
অতুল ঐশ্বৰ্য্যশালী ক'ত বিভূতি....
কোটি কোটি চকুপানী!
✍️মাৰ্জিনা বেগম
(বৰপেটা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ