শিক্ষা আৰু বৃত্তি দুয়োটা বিষয় যদিও আন্ত:সংলগ্ন পূর্ণ, দুয়োটা বিষয়ৰে মাজত পাৰ্থক্যও আছে। শিক্ষা লাভ কৰি তুমি শিক্ষিত হ'ব পাৰিবা হয়, কিন্তু জীৱন নিৰ্বাহৰ বাবে তুমি কেৱল শিক্ষিত হলেই নহ'ব যিকোনো এটা বৃওিত তুমি নিয়োজিত হব'ই লাগিব। কেৱল উচ্চশিক্ষা লাভ কৰি ঘৰত বহি থাকিলে দেশৰ অগ্রগতিত সেই শিক্ষাই কোনোধৰণৰ অৰিহণা যোগাব নোৱাৰিব, ইয়াৰ পৰিৱৰ্তে দেশত সাম্প্রতিক সময়ত বহুলভাৱে বৰ্তি থকা নিবনুৱা সমস্যাহে বৃদ্ধি কৰিব। কিন্তু বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্মৰ মাজত দেখা দিয়া এটা ভুল ধাৰণা হ'ল যে - বৰ্তমান নৱপ্ৰজন্মই যদি উচ্চশিক্ষা লাভ কৰি তেওঁলোকৰ শিক্ষা অৰ্জন কৰা পৰ্যায়ৰ এটা বৃত্তিত নিয়োজিত হ'ব নোৱাৰে, তেন্তে তেওঁলোকে সেই পৰ্যায়ৰ তলৰ বৃওিত নিয়োজিত হৈ থাকিবলৈ সংকোচবোধ কৰা পৰিলক্ষিত হয়, যিয়ে দেশৰ বিশেষকৈ আৰ্থিক ক্ষেত্রখন বাৰুকৈয়ে প্ৰভাৱিত কৰে। লগতে দেশৰ নিবনুৱা সমস্যাও বৃদ্ধি পায়।সেয়ে বৰ্তমান নৱপ্ৰজন্মই নিজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰি শিক্ষা আৰু বৃত্তিৰ ধাৰণাটো ভালদৰে অনুধাৱন কৰাৰ প্ৰয়োজন।তেওঁলোকে এই কথা বুজি পোৱা দৰকাৰ যে শিক্ষাৰ লগত বৃত্তি কেতিয়াও তুলনা কৰিব নালাগে। তুমি উচ্চশিক্ষাৰ অধিকাৰী হোৱা মানে এইটো নুবুজায় যে তুমি সেই শিক্ষাৰ পৰ্যায়ৰ তলৰ বৃত্তিত নিয়োজিত হ'ব নোৱাৰিবা, মূল কথাটো হ'ল তুমি স্বাৱলম্বী হ'ব পাৰিছা নে নাই। যদি নৱপ্ৰজন্মই নিজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰি এই স্বাৱলম্বীতাৰ দৃষ্টিভংগী হাতত লয় তেন্তে ভাৰতবৰ্ষ এখন আত্মনিৰ্ভৰশীল দেশ হিচাপে প্ৰতিষ্ঠা হোৱাত ভালেখিনি সহায় হ'ব। এই ক্ষেত্ৰত বৰ্তমান নৱপ্ৰজন্মৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো সচেতন হোৱা প্ৰয়োজন ,যাতে নৱপ্ৰজন্মৰ চিন্তাধাৰা দেশৰ প্ৰয়োজনৰ বিপৰীত দিশত গতি নকৰে।
শিক্ষা আৰু বৃত্তি সন্দৰ্ভত নৱপ্ৰজন্মৰ ধাৰণা**কন্দৰ্প কলিতা
July 13, 2024
0
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ