বিষাদৰ জীৱন - নিজুমণী শইকীয়া বৰা

©Admin
1
এই ! শুনাচোন শুনা 
তোমাৰ গাটো একেবাৰে বৰ্ষা বৰ্ষা গোন্ধাইছে ।
বোকা - পানী লৈ গোটেই জনী চোন 
শাওণৰ ৰোৱনী ।
ইচ্ ৰাম ! তোমাৰ মাতটো যে ইমান কঠুৱা...
অলপ লাহেকৈ কোৱাচোন ..
তোমাৰ মৰম দয়া অনুভূতি নাই নেকি হে ...
এই ... এই... ৰ'বা ৰ'বা 
মই জানো অনুভূতিহীন
ককৰ্শ এটি যন্ত্ৰণা ...?
মোৰ জানো অনুভৱ কৰিব পৰা 
এখনি হৃদয় নাই ... ? 
মোৰ জানো বিশ্বাস, মানৱতা 
ভালপোৱা আদিবোৰ নাই ? 
মোৰ জানো ভাল বেয়া বিবেচনা 
কৰিব পৰা এটি মগজু নাই 
কি জানা 
মোৰো আছে এখনি হৃদয় 
অনুভৱ কৰিব পৰা এটি মন 
হৃদয়ৰ পৰা হৃদয়লৈ বোৱাই 
দিব পৰা আবেগৰ এটি জুৰি 
ভাল বেয়া বিচাৰ কৰিব পৰা 
শীতল মগজুৰ বিবেক । 
কিন্তু.... হা: হা: 
এই সেউজীয়া...
জানি থোৱা 
মোৰ সৰলতাক সুযোগ হিচাপে 
ব্যৱহাৰ নকৰিবা 
ক্ষুদ্ৰ হ'লেও মই মগজু বিক্ৰী নকৰোঁ ! 
কেতিয়াও নকৰোঁ.... ।

       
       

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment