মনৰ কথা-গায়ত্রী ছেত্রী

©Admin
0
অকলে থাকি বেছি ভাল পাওঁ...... মই কিছুমান ঠাইত মনে মনে থাকি ভাল পাওঁ অনুভৱ বোৰৰ লগতে বিলীন হৈ ভাল পাও , আনৰ কথা নাজানো নিজে নিজৰ কথা ক'ব পাৰো !! সকলো মানুহ বেলেগ সকলোৰে জীৱনত বিভিন্নতা আছে...... কিন্তু মই বহুত পৃথক মোক মোৰ দৰে বুজা আজিলৈকে কোনো পোৱা নাই, পাম নাপাম সেইটো নাজানো !! 

মাথো মন ভাল লাগিলে লিখি অনুভৱ বোৰ পোষ্ট কৰো, নিজে ভালপোৱা কাম কৰি থাকি ভাল পাওঁ। কিছুমান দিশত হয়তো সৰু এ আছো আৰু কিছুমান দিশত মই সৰু নহয় । 

     কবলৈ গলে ভাল নালাগে মানুহবোৰৰ লগত কিবা কথাত লাগি থাকিব ....... মোৰ বিপৰীতে হাজাৰ জন থাকিলেও মই মনে মনে থাকো কাৰণ সময়ৰ লগত সলনি হোৱা মানুহ বহুত দেখিছো ! সকলো সময়ত ঠিক হৈ যাব বুলি এৰি দিও......। 

 আচলতে আগৰ দৰে মানুহ নাপাই আজিকালি... লগৰ বোৰো যে সেই সময়ৰ দৰে নহয়, মই সকলোৰে কথা শুনো কিন্তু কৰো সদায় নিজৰ..

𝚂𝚒𝚖𝚙𝚕𝚎 𝚕𝚊𝚗𝚐𝚞𝚊𝚐𝚎 ত কলে মই নিজৰ কাৰণে নিজে বিশেষ... মই মোৰ মনৰ কথাবোৰ 𝚜𝚑𝚊𝚛𝚎 কৰিব বিচৰা ভাব বোৰো কাৰো লগত 𝚜𝚑𝚊𝚛𝚎 নকৰো .... মই জানো যে বহুত কম মানুহ থাকে যিয়ে আপোনাক বুজিব। তাৰ কাৰণে ভয় লাগে......... 

নিজৰ কাৰণে জিয়াই আছো আনৰ কাৰণে নহয় নিজৰ মা দেউতাক সুখী কৰিব, সদায় হাহি বিৰিঙাই থাকিবলৈ চেষ্টা কৰো তাৰ বাবে মই হাজাৰ জনে বিপৰীতে কলেও হাৰি যাব নোৱাৰো কাৰণ মই জানো আৰু আপুনিও জানে.... জীৱনটো নিজৰ যেতিয়া নিজৰ মতেই থাকিব লাগে.... নিজে কিবা এটা কৰিব পৰাকৈ সফল হবলৈ চেষ্টা কৰিব লাগে........ 🌝🤝

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)