জীৱন-কন্দৰ্প কলিতা

©Admin
0
জীৱন ,যাক বুজি পোৱাটো বৰ কঠিন, কেতিয়াবা সুখ আৰু কেতিয়াবা দূখ, কেতিয়াবা হৰ্ষ আৰু কেতিয়াবা বিষাদ, কেতিয়াবা সফলতা আৰু কেতিয়াবা বিফলতা এইবোৰেৰেই জীৱনটো আৱৰিত। বহু তিতা-কেহা আকৌ কেতিয়াবা মিঠা কিছুমান অভিজ্ঞতাৰে জীৱনটো চলি যায়। জীৱনটোত কেতিয়াবা কাৰোবাৰ কোনো ক্ষেত্রত উত্থান হয় আৰু আন কোনোবাৰ পতন । কিন্তু তোমাৰ জীৱনত বেয়া সময় আহিল বুলিলেই যে ভাল সময় নাহিব তেনে হ'ব নোৱাৰে। জীৱনটো প্ৰতিজনৰ বাবে মূল্যৱান। যদি তুমি জীৱনক এখন কিতাপৰ লগত ৰিজাই চোৱা , তেন্তে সেই কিতাপখনৰ কেইটামান অধ্যায় কঠিন হোৱাটো নিতান্তেই স্বাভাৱিক, সেইবুলি তুমি যে কঠিন অধ্যায়কেইটা পাই কিতাপখনৰ সাৰমৰ্ম নুবুজাকৈ কেৱল উজু অধ্যায়কেইটা পঢ়া তেন্তে তোমাৰ কিতাপখনৰ অধ্যায়ন কৰি ১০০% ফল পাব নোৱাৰিবা। ঠিক তেনেদৰে জীৱনৰ কঠিন সময়বোৰত যদি আমি সেই সময়বোৰৰ লগত মুখামুখি নহৈ তাৰপৰা পলাই থাকিবলৈ চেষ্টা কৰো তেন্তে হয়টো আমি জীৱনৰ প্ৰকৃত যোদ্ধাগৰাকী হ'ব নোৱাৰিম। সেয়ে তিক্তই হওক বা মধুৰেই হওক জীৱনে সন্মুখীন কৰোৱা প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি জীৱনৰ এগৰাকী প্ৰকৃত যোদ্ধা হোৱা প্ৰয়োজন। যাতে জীৱনত আমি নিজকে এগৰাকী সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে। সেয়ে আমি জীৱনত তিক্ত পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হলে জীৱনটোৰ সাৰমৰ্ম সিমানতেই সীমাবদ্ধ বুলি ভূল নকৰি সাহসেৰে তাক অতিক্রম কৰিব লাগে, যাতে আমি তিক্ততাৰ পিছত থকা মধুৰ অভিজ্ঞতাখিনি উপভোগ কৰিব পাৰো ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)