লাজতে মৰহি যোৱা,
বিশ্বাসৰ পাত্র হৈ
লাহে লাহে সম্পর্কৰ
উদগনি হোৱা,
আপোনা-আপোনৰ বীজ গজা
এনেকৈয়ে ইজনে সিজনৰ
সমভাগী হোৱা।
শুকান মৰুভূমিত প্রৱেশ কৰি
জীপাল কৰাৰ কিছু আশা,
বৰষুণৰ টোপলে বুকু ভেদি
মৰম দিয়া।
হৃদয়ত ন ন স্বপ্ন,
হেজাৰ হেজাৰ মায়াৰ ফুল,
আৱেগৰ কোমল কোমল
মধুসূদন;
মুঠতে সম্পূর্ণ সলনি
জীৱন বহু আগবাঢ়িল।
নাজানো ভুল ক'ত,
আজিও বুজিব নোৱাৰিলো
অকস্মাৎ... সম্পর্কৰ বিচ্ছেদ।
ওফ!
সেই ক্ষণবোৰ কি আছিল
উভতি গ'লে হিয়া কামোৰ খাই
চকুলো বোৱতি নৈ যেন হৈ পৰে।
গংগামায়া দৰ্জী,তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ