সুখী হবলৈ কেৱল টকা পইচাই যথেষ্ট নহয় , দামী খাদ্য খালেই, দামি কাপোৰ পিন্ধিলেই , দামী ঘৰত থাকিলেই মানুহ সুখী হ'ব নোৱাৰে ।এটা বিলাসী জীৱন কটালেই সেয়া সুখী জীৱন বুলি ক'ব নোৱাৰি... যদিহে তাত শান্তি নাথাকে ।হয় ,মানুহে এটা জুপুৰি ঘৰত থাকিয়ো সুখী হ'ব পাৰে, এসাজ নোখোৱাকৈ থাকিলেও মানুহ সুখত থাকিব পাৰে ,যদিহে তাত শান্তি থাকে... সুখী হবলৈ মানুহক বহুত বেছি একো প্ৰয়োজন নাই যদিহে নিজৰ আপোন মানুহখিনি সদায় কাষত থাকি সুখ দুখৰ প্ৰতিটো ক্ষণত এজনে আনজনৰ সাৰথী হৈ থাকিব পাৰে । নিজৰ মানুহখিনিৰ মাজত যদি মৰম আন্তৰিককতা থাকে তেন্তে তাতকৈ আৰু একো নালাগে মানুহক সুখী হবলৈ । হয় ,টকা পইচা মানুহক লাগে কিন্তু সেই টকা,পইচা থাকিও এটা বিলাসী জীৱন কটোৱাৰ পাছতো মনৰ সুখ নাথাকে, যদি মানুহৰ মনত শান্তি নাথাকে ...টকা নথাকিলেও মানুহ সুখী হ'ব পাৰি ,যদিহে মনৰ শান্তি থাকে ।কেৱল এটা বিলাসী জীৱন কটোৱা মানেই সুখৰ জীৱন নহয়।।
✍️ প্ৰিয়া বৰা
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ