ই অস্থিৰ ৰাতিৰ মৌন ভাষা
যিয়ে সামৰি লয় কিছু সৰলতা আৰু হেজাৰ জটিলতা।
নীৰৱতা মানেই মৌন ওঠ নুবুজায়
ই কিছু সময়ৰ বাবে হৈ পৰে,
নিলিখা কাহিনীৰ প্ৰৱল ৰচক।
নীৰৱতাই যদি আৱেগবোৰ সামৰিব পাৰিলে হয়,
চকুপানীবোৰ ছাগে কিছু ক্লান্ত হ'লহেতেন।
নীৰৱ কাহিনী ৰচিবলৈ সহজ
প্ৰতিশ্ৰুতিবোৰ দীঘলীয়া হোৱা হ'লে
আবেগবোৰে প্ৰশ্ৰয় নাপালেহেঁতেন।
আৱেগবোৰেও এতিয়া হুমূনিয়াহ কাঢ়ি হাঁহে,
সেয়ে আৱেগক আকোৱালি
নীৰৱতাক প্ৰাধান্যৰ শিখৰত ৰাখিছো।
কিজানি জ্বলি থকা চকুযুৰি,
চেঁচা বতাহজাকে শান্ত কৰে।
হুমূনিয়াহবোৰ যিমানেই দীঘল হৈছে,
আশাবোৰ সিমানেই ক্ষীণ হৈছে
সেয়ে নীৰৱতাই এক বৃহৎ আস্থা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ