আগমনি - অৰুণামালি মৰাণ

©Admin
0
দেখিছোঁ তোমাক লৈ 
বহুত সপোন,কৰিছোঁ আশা।
তুমি আহি জিলিকাই
তুলিলা মোৰ পৃথিৱী।
এতিয়া বিচাৰোঁ কেৱল তোমাক।
নালাগে আনৰ সঁহাৰি।
আধৰুৱা কবিতাটোৱে
পূৰ্ণতা লাভ কৰিলে তোমাৰ আগমনিত।
ফাগুনৰ ফাগুনি বতাহত উৰি ফুৰা মনটোৱে আজি নাচিছে  উলাহত।
আৰু হৃদয়ত বাজিছে গান।
তোমাৰ আগমনিয়ে সঁচাই
আকৌ জীপাল কৰি তুলিলে
মোৰ সৰু পৃথিৱী।
নাজানোঁ ভাগ্যত কি আছে কিন্তু অন্তৰে কেৱল তোমাক বিচাৰে।
✍️অৰুণামালি মৰাণ 
    কাকপথাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)