বাৰিষা- যুৱৰাজ বাচকোটা

©Admin
0
বাৰিষা তুমি কিয় আনিলা বান
 চৌদিশে গৃহ বাট পথ থান-বান
কালৰূপ ধৰি বিভীষিকাক মাতি
ধ্বংসৰে বীৰত্ব গঢ়ি কোন হয় মহান!
লুইতে জানে অসমৰ অস্তিত্বৰ কথা
তুমি আহিলে দেখুৱায় নিষ্ঠুৰতা!
পাহৰি পেলায় জীৱকুলৰ মূল্য!
এতিয়া কলিযুগ নুবুজে কোনেও আজি!
মোৰ আইৰ অচল অৱস্থাৰ ব্যথা!
সেইবুলি তোমাক তোষামোদ কৰিব বিচৰা নাই মই বাৰিষা।
কেৱল কৈছোঁ তোমাক এফেৰি কথা
মোৰ অশান্ত হিয়াৰ তানত 
জীয়া জুইৰ গান বিষাদৰ ব্যথা। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)