কঠিনতাৰ মাজতে সংগ্ৰাম কৰি
বুজিছোঁ জীৱনৰ মাদকতা ।
সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে
সপোনৰ বাবে যুঁজ কৰি কৰি
মই হৈ পৰিছোঁ শিলৰ মানৱ ।
ৰ'দে মোৰ দেহ পুৰিব নোৱাৰে,
বৰষুণে মোৰ দেহ তিয়াব নোৱাৰে
কিয়নো...
সপোনৰ সংগ্ৰাম কৰি কৰি
মই হৈ পৰিছোঁ 'অদাহ্য' আৰু 'অক্লেদ্য',
শিলময়ী মানৱ মই
'অদাহ্য' আৰু 'অক্লেদ্য' ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ