গাব বা বিলাতি গাব এটি উচ্চ পটাছিয়াম উপাদান সমৃদ্ধ,সুস্বাদু আৰু মিষ্টি জাতীয় ফল। ইবেনেছিয়া পৰিয়ালৰ অন্তৰ্ভুক্ত গাব গাছৰ বৈজ্ঞানিক নাম Diospyros discolor বা Diospyros blancoi ৷ গাবৰ আদি নিবাস ফিলিপাইন৷ ইংৰাজীত ইয়াক Velvet apple, Velvet persimmon, Kamagong, বা Mabolo tree কোৱা হয়। গাবত উচ্চ পটাছিয়াম উপাদান থকাত ৰক্ত সঞ্চালনৰ উন্নতি ঘটায়। যিয়ে শৰীৰত ৰক্তপ্রবাহ সঠিক ৰখাত সহায় কৰে ৷
কার্ডিওভাচকুলাৰ চিষ্টেমৰ ওপৰত চাপ কমায় ৷এনেকি ৰক্তচাপ কমোৱাত সাহায্য কৰে। গাবত থকা আঁশ শৰীৰত কলেষ্টৰল কমায়৷
চৰ চাপৰিৰ লোক সমাজত পূৰ্বে কেচা গাবৰ ফল ঢেঁকীত থেতেলিয়াই পানীত ৰাখি উক্ত 'পানীত মাছ মাৰা জাল’ দীৰ্ঘ সময় ডুবাই ৰাখিলে জালৰ সুতাৰ বৰণ কলা বৰণীয়া হয়৷সেয়ে চৰ চাপৰিৰ লোক সমাজে জালৰ সুতা কলা কৰণত গাব ব্যৱহাৰ কৰি আহিছে ৷ গাবক লৈ চৰ চাপৰিৰ লোক সমাজত প্রচলিত এটি সাধু ৷
" গাব নাখাম যদি খাম কি,গাবতকৈ মিষ্ট কি !"
কাউৰীয়ে সুমিষ্ট গাব ফলৰ গুটি খাই বৰ ভাল পায় ৷ সেয়ে গাবৰ ফল পকিলে গাব গছত কাউৰীয়ে কলকলাই থাকে৷গাবৰ গুটি খাব পালে কাউৰীৰ আৰু একোকে নালাগে ৷ প্ৰয়োজনত কৈ বেছিকৈ খালে শৌচ কচা হয় জানিও এদিনাখন এটি কাউৰীয়ে মুখৰ সোৱাদত পেট পূৰাই গাব ফলৰ গুটি খালে ৷ পিছদিনা শৌচ কৰাৰ সময়ত কাউৰীৰ বহু অসুবিধা হয় ৷ 'আৰু গাব নাখাম,আৰু গাব নাখাম' বুলি চিঞৰিব ধৰিলে ৷ অৱশেষত বল প্ৰয়োগ কৰি শৌচ কৰিবলৈ সক্ষম হয় ৷ বিপদ আতৰাৰ পিছত কাউৰীয়ে সোৱাদে পৰিপূৰ্ণ গাবৰ গুটি খাই তৃপ্তি লাভ কৰি ক’ব ধৰে,"গাব নাখাম যদি খাম কি,গাবতকৈ মিষ্ট কি ? "
✍️ আনোৱাৰ হোছেইন
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ