আলসুৱা স্মৃতি
পুনৰ এবাৰ তোমাক চুই চাবলৈ দিয়া
মোৰ তৃষিত পৰাণ জুৰাই
এবাৰ দুচকুৰে বুলাব দিয়া
তোমাৰ উৰ্বৰা শৰীৰ
যত নাই মোৰ বাবে এতিয়া
নতুনত্বৰ ৰং ।
মুঠি মুঠি আবীৰ ছটিয়াই
তুমি মোক দিছিলা
জীৱনৰ দুৰ্বাৰ প্ৰেৰণা
জীবনৰ ৰং বুটলিবলৈ
তোমাৰ ছাঁয়াতে এদিন সজাঁল ধৰিছিল
মোৰ হেৰুৱা দিনৰ কাহিনী ।
এতিয়া সেইবোৰ সেউজীয়াৰ পৰা
হালধীয়া হল
তোমাৰ উভতনি যাত্ৰাত
মই হব নোৱাৰিলো
তোমাৰ সহযাত্ৰী ।
মোক এৰি গলা সোঁৱৰনীৰ পাতত
অচিন অতিথিৰ দৰে
এতিয়া তুমি থকা ঠাইৰ ছবি চাই চাই
মই হৈ পৰিছো এটা জীবন্ত ফিনিক্স।
✍️পূজা গোহাঁই
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ