তিনিটা আখৰে গঠিত
'সময়' শব্দটি বৰ আচৰিত।
কেতিয়াবা সুখ, কেতিয়াবা দুখ
এই সকলোবোৰ যেন
সময়ৰ পাততে লিপিবদ্ধ।
জীৱনৰ প্ৰতিটো কাৰ্যই
সময়ৰ ওচৰত হাৰ মানে।
অতীতৰ প্ৰতিটো স্মৃতিক
সময়ে আঁকোৱালি লৈ ফুৰে।
সময়ে দুখৰ বোজা এৰি
সুখৰ স্পন্দনক আলিঙ্গন কৰে।
তথাপিও ক'ৰবাত যেন
বৰ্তমান আৰু ভৱিষ্যতৰ মাজত অতীত আহি পৰে।
সময় যোৱাৰ পিছত ভাৱো
মূল্যৱান কি আছিল জীৱনত?
কেতিয়াবা থৰ লাগি চাই থাকোঁতেই
সময় পাৰ হৈ যায়।
চব্বিছ ঘণ্টীয়া দিনটো
কাৰোবাৰ বাবে নাযায় নোপোৱাই,
আকৌ আন কাৰোবাৰ বাবে সেই দিনটো
চকুৰ পলকতে শেষ হৈ যায়।
তথাপিও সময় কাৰোবাৰ বাবে ৰৈ নাথাকে,
সময় সদায় বিশেষ,
সচাঁই সময় বৰ আচৰিত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ