এই মহান শব্দৰ
কোনে কেনেকৈ বুজিবা ভাষা ।
ধাৰাবাহিকতা অক্ষুণ্ণ
ৰাখি পূণ্যভূমিক
উজ্বলোৱাৰ কৰিছো আশা ।।
হে' জাতি জনজাতি
হাতে হাতে ধৰি
সবে মিলনৰ গীত গাওঁ ।
চিৰ প্ৰবাহমান
গৌৰৱৰ ধ্বজা ধৰি
আঁহা আঁহা বীৰ ভূমিলৈ যাঁও ।।
শুনা নানা ধৰ্ম্ম ভাষাৰ
প্ৰাণৰ জনতা মোৰ
স্নেহৰ জনম জননী ।
গৌৰৱ উজ্বল বিশ্বনাথৰ
তিনি বীৰৰ ভূমি
কোনে কোনে পোৱা চিনি ??
বিশ্বনাথ জিলা আয়ুক্ত
কাৰ্য্যালয়ৰ পদুলিত
এবাৰ চাই আহিবা গৈ ।
বীৰ চিলাৰায়
লাচিত বৰফুকন
চাওলুং চুকাফা আছে ৰৈ ।।
বিশ্বনাথ জিলা প্ৰশাসন
সন্মিলিত যুৱ মঞ্চৰ
উদ্যোগত উলিওৱা হ'ল সাজি ।
ভাগে ভাগে হৃদয়ৰ
নিভৃত কোণৰ প্ৰেমেৰে
শ্ৰদ্ধা জনাও
তিনি বীৰৰ প্ৰতি ।।
চাওলুং চুকাফা
বীৰ চিলাৰায় লাচিত
য'ত আছে উমলি ।
সেইয়াই হৈছে আমাৰ
বিশ্বনাথৰ ইতিহাসৰ
অসমৰ ৰণুৱা বীৰৰ ভূমি ।।
বীৰ ভূমিৰ দশোদিশৰ
আশে পাশে কেনিবা
আমিও আছো ঠিয় হৈ ।
ৰজনী প্ৰভাততে
শয্যা এৰি ওলালো
বিশ্বনাথৰ গৰিমা লৈ ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ