হাঁহি -গংগামায়া দৰ্জী

©Admin
0
হাঁহি মোৰ প্ৰিয়
নাজানোঁ কেনেকৈ? 
মই কিমান সত্য
মাথোঁ সদায় সত্যতা হ'ব বিচাৰোঁ। 
প্রকৃতিয়ে দিয়া এই হাঁহিটি
মোৰ বুকুত এনেদৰে খুদিত
যাক মই পৰিস্থিতিৰ সৈতে
আদান-প্ৰদান কৰোঁ। 
কেতিয়াবা ভাবোঁ
যিমানেই দুখ কষ্টৰ
মাজেৰে পাৰ হৈ থাকিলেও
কোনেও গম নাপায়
মুখত হাঁহি এটি বিৰিঙিলে। 
আৰু 
মইয়ো একেই কিন্তু কপটীয়া নহয়, 
সদায় সেই এৰি অহা প্ৰতিশ্ৰুতিৰ ৰহস্যৰ সন্ধানত তিক্ত। 
আঘাতপ্রাপ্ত হৈ অহা
স্থিৰৰ ঠিকনা বিচাৰি
আজি অস্থিৰতা মই
তথাপিও মুখত হাঁহি এটি
আছে, 
যিয়ে মনৰ ব্যাকুলতাৰ
পিয়াহ দিয়ে
সেয়েহে নিজকে কওঁ
মই হাঁহিৰে হ'লেও জগতক জিনিম।
  ✍️গংগামায়া দৰ্জী
 পেঙেৰী (তিনিচুকীয়া)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)