ভাল পোৱাৰ বেলিকা সুধিবলৈ নহ'ল,
যাত্ৰা পথ কিমান দীঘল!
মাজতে উজুটি খালে দিবা নে কান্ধ পাতি
হ'বা নে জীয়াই থকাৰ সমল?
হ'ব নেকি শেষ সৰু সৰু কথাত
সৰু সৰু অজুহাত লৈ।
নিদিয়া নালাগে দিব ধন দৌলত একো
দিবা নে আপদত এটি মাত!
সুধিবলৈ নহ'ল জানা,
কিমান প্ৰেম দিলে হৃদয়ত বিশ্বাস জাগে?
সুধাই নহ'ল জানা,
প্ৰেমৰ সংজ্ঞা কি তোমাৰ কলিজাত বাজে!
নজনাকৈ জানিলোঁ সকলো।
নুবুজাকৈ বুজিলো বহুতো।
নেদেখাকৈ দেখিলোঁ তোমাৰ গৰ্ভ
মৰীচিকাই লুকা ভাকু খেলে।
কবি: নবযানী
ত্যাগৰ বিনিময়ত ঠগ আৰু প্ৰেমৰ বিনিময়ত প্ৰতাৰণা আজিৰ ধাৰা নহয়। তথাপিও যুগে যুগে নাৰী পুৰুষ বন্দী হয় প্ৰেমৰ এনাজৰীত । নেদেখা দুখন হৃদয় বান্ধ খাই পৰে একোডাল অদৃশ্য জৰীৰ বান্ধত । আঁতি আঁতি বন্ধা এই জৰী ডাল বর্তি থাকে বিশ্বাসৰ ওপৰত। সকলো সময়তে অবিশ্বাস তীক্ষ্ণ চুৰী হৈ ওলমি থাকে এনাজৰী ডালৰ ঠিক মধ্য স্থানত ।দুখন হৃদয় যেতিয়া মিলিত হৈ এখন হয় , তাতে প্ৰেমৰ উৎপত্তি । এখন হৃদয় হৈ পৰে আনখনৰ পৰিপুৰক । এখন হৃদয়ত ৰক্ত প্ৰবাহ স্তব্ধ হ'লে মৃত্যু হয় আনখন হৃদয়ৰ ।এয়া প্ৰেমৰ কোনোকালে সংজ্ঞা দিব নোৱাৰা এক অনুভৱ।
তাৰ মাজতো চলি থাকে ,বেইমান , ঠগ আৰু প্ৰতাৰণা । যেন এটা মুদ্ৰাৰ দুটা পিঠি ।এদিন উশাহৰ শব্দ বুজি পোৱা হৃদয়খনে আনজনৰ দুখ কষ্টৰ কাৰণ হৈ পৰে। প্ৰকৃত প্ৰেমত দেহৰ ৰুচি , অৰ্থৰ প্ৰয়োজনীয়তা লেশ মানো নাথাকে। ইয়াত কেৱল আত্মাৰ একাত্ম জড়িত হৈ পৰে । সেই আত্মাৰ অনুভৱে এজন প্ৰেমিক/প্ৰেমিকাক মানৱৰ শাৰীৰ পৰা উন্নীত কৰি দেৱতা কৰিব পাৰে অথবা অৱনমিত কৰি , কৰিব পাৰে চয়তান । ভাল কৰ্মৰ ফল যিদৰে ভাল হয় একেদৰে অভিনয় যুক্ত প্ৰেম এটা সময়ত প্ৰেমিক/প্ৰেমিকাৰ বাবে অভিশাপ হৈ পৰিব পাৰে । প্ৰেমে কাৰোবাৰ জীৱনলৈ ঘোৰ অমানিশা মা পাৰে। কোনোবা সৰ্ব শ্ৰান্ত্ত হ'ব পাৰে।আজিকালি প্ৰেমক ব্যৱহাৰৰ বাবে হে ব্যৱহাৰ কৰা বেছি দেখা যায় । প্ৰকৃত প্ৰেম বুলি যেন একোৱেই নোহোৱা হ'ল ।সকলো ল'ৰা ধেমালি মাথোঁ , সময় পাৰ কৰাৰ প্ৰক্ৰিয়া ।আজিৰ প্ৰেমিক / প্ৰেমিকাই বিনাদ্বিধাই কব পাৰে ,, ,, তাই/সি মোৰ এক্স আছিল,,,,,,,প্ৰাক্তন । কিন্তু বৰ্তমানৰ জনো যে এদিন এক্স হৈ পৰিব সেয়াও নিশ্চিত কিন্তু অনুসূচনা যেন কাৰোৰে নাই। অতি সহজ হৈ পৰিল এই প্ৰেমৰ খেল খন !!!!। সকলো সময়তে অবিশ্বাস তীক্ষ্ণ চুৰী হৈ ওলমি থাকে এনাজৰী ডালৰ ঠিক মধ্য স্থানত ।দুখন হৃদয় যেতিয়া মিলিত হৈ এখন হয় , তাতে প্ৰেমৰ উৎপত্তি । এখন হৃদয় হৈ পৰে আনখনৰ পৰিপুৰক । এখন হৃদয়ত ৰক্ত প্ৰবাহ স্তব্ধ হ'লে মৃত্যু হয় আনখন হৃদয়ৰ ।এয়া প্ৰেমৰ কোনোকালে সংজ্ঞা দিব নোৱাৰা এক অনুভৱ। তাৰ মাজতো চলি থাকে ,বেইমান , ঠগ আৰু প্ৰতাৰণা । যেন এটা মুদ্ৰাৰ দুটা পিঠি ।এদিন উশাহৰ শব্দ বুজি পোৱা হৃদয়খনে আনজনৰ দুখ কষ্টৰ কাৰণ হৈ পৰে। প্ৰকৃত প্ৰেমত দেহৰ ৰুচি , অৰ্থৰ প্ৰয়োজনীয়তা লেশ মানো নাথাকে। ইয়াত কেৱল আত্মাৰ একাত্ম জড়িত হৈ পৰে । সেই আত্মাৰ অনুভৱে এজন প্ৰেমিক/প্ৰেমিকাক মানৱৰ শাৰীৰ পৰা উন্নীত কৰি দেৱতা কৰিব পাৰে অথবা অৱনমিত কৰি , কৰিব পাৰে চয়তান । ভাল কৰ্মৰ ফল যিদৰে ভাল হয় একেদৰে অভিনয় যুক্ত প্ৰেম এটা সময়ত প্ৰেমিক/প্ৰেমিকাৰ বাবে অভিশাপ হৈ পৰিব পাৰে । প্ৰেমে কাৰোবাৰ জীৱনলৈ ঘোৰ অমানিশা মা পাৰে। কোনোবা সৰ্ব শ্ৰান্ত্ত হ'ব পাৰে।আজিকালি প্ৰেমক ব্যৱহাৰৰ বাবে হে ব্যৱহাৰ কৰা বেছি দেখা যায় । প্ৰকৃত প্ৰেম বুলি যেন একোৱেই নোহোৱা হ'ল ।সকলো ল'ৰা ধেমালি মাথোঁ , সময় পাৰ কৰাৰ প্ৰক্ৰিয়া ।আজিৰ প্ৰেমিক / প্ৰেমিকাই বিনাদ্বিধাই কব পাৰে ,, ,, তাই/সি মোৰ এক্স আছিল,,,,,,,প্ৰাক্তন । কিন্তু বৰ্তমানৰ জনো যে এদিন এক্স হৈ পৰিব সেয়াও নিশ্চিত কিন্তু অনুসূচনা যেন কাৰোৰে নাই। অতি সহজ হৈ পৰিল এই প্ৰেমৰ খেল খন !!!!
~ নবযানী বৰুৱা শইকীয়া, ডিগবৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ