পক্ষীৰ সৈন্দিকৈৰ আৰ্তনাদ-নৱজিৎ নাথ

©Admin
0
দেউতা অ অ দেউতা.. 
তই মোক লৈ বহুত সপোন ৰচিছিলি নহয়,
এতিয়া সেই সকলো সোণালী সপোন 
আজি বিশাল মৰুভূমিত মৰিচিকা হ'ল।
একো নাই সকলো মাথোঁ শেষ।।

তই সদায় ভাবিছিলি হয়তো।
জোৱাই পেছাত এজন আদৰ্শ শিক্ষক সেয়ে সদায় সুখত সুখী কৰি ৰাখিব।
এতিয়া এগৰাকী বিশাল ৰাজকুমাৰী 
দৰে ৰাখাটো সঁচাকৈ দূৰৰ কথা,
আজি মোক জীয়াই থকাৰ সেই
মোৰ হেঁপাহৰ কনো কাঢ়ি লৈ গ'ল।।
প্ৰতিটো মানুহৰ প্ৰথমতে ভাৱে,
এগৰাকী আদৰ্শ শিক্ষিত ব্যক্তি 
গতিকে সকলো দিশে ভাল বুলি ভাবে।
সকলো মানুহ মানৱীয়তাৰ দিশৰ পৰা
 সদায় পৰা একে নহয় দেউতা।।
দূৰৰ পৰা পাহাৰখন দেখিবলৈ 
খুউব সুন্দৰ এখন চিৰসেউজীয়া বিশাল। 
কিন্তু ওচৰত পৰা দেখিলে গম পোৱা যায়।।
ই কিমান গভীৰতা হয় কিমান ..?
ঠিকে সেইদৰে জীৱনটো একেই হয়।।
ভুল হ'ল দেউতা 
নিজৰ জীৱনৰ আটাইতকৈ 
ডাঙৰ উপহাৰ বুলি ভবাতো।
প্ৰেম বিবাহ,পৰকীয় প্ৰেম আৰু হত্যাই
 লগত জড়িত প্ৰিয়জন বুলি ভবাটো, 
 আজি পাষণ্ড ৰূপী নীতিকেশৰ হাততে
  মৃত্যু প্ৰান হেৰুৱাব লগা হ'ল দেউতা।।
অৱশেষত তেওঁ নিজে সজা সেই জালত
 নিজে আবদ্ধ হৱ বাধ্য হ'ল দেউতা।।
শিক্ষক ৰূপীদানৱ সেই 'নীতিকেশটো'....।।
দেউতা অ দেউতা কেতিয়াও 
ঘৰত টকাৰ অভাৱ দেখা নাই সঁছা
 কিন্তু মৰম আৰু আদৰ অভাৱ কম নহয়।
ইয়াত প্ৰতিটো দিনতে প্ৰতিটো খোজাতে,
 কেৱল ভয় আৰু দুচিন্তাতে মগ্ন....?কেতিয়াবা আকৌ অনুভৱ হয়
এতিয়া কি কৰো ....!
ভয় লাগে অ দেউতা.. 
যদি মোক মাৰি পেলাই দিয়ে কিন্তু, 
এতিয়া সকলো শেষ কৰি পেলালে 
 দেউতা আজি সকলো শেষ।।
বৰ্তমান সময়ত এটি প্ৰশ্ন হয় 
ল'ৰা জন প্ৰকৃততে কি হয় ..?সেইটো একমাত্ৰ ডাঙৰ কথা নহয় ।
ল'ৰা জন প্ৰকৃততে মানুহ হয়নে নহয় নে একোজন দানৱ হয় তাক 
প্ৰথমে মানসিকতাক গুৰুত্ব দিয়ক।।
নহ'লে আৰু যেন কিমান গৰাকী 
পক্ষী সৈন্দিকৈ দৰে মৃত্যুৰ হৱ 
তাৰ কোনো ঠিকনা নাই দেউতা।সদৌ শেষত এটাই আহ্বান জনালোঁ পক্ষী সৈন্দিকৈৰ আত্মাই মুক্তি লাভ কৰক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)