টোকোৰা চৰাই: প্ৰকৃতিৰ বিনন্দীয়া পক্ষীকুল-আব্দুৰ ৰৌফ মন্ডল

©Admin
0
ভাৰতৰ্বষৰ সমতল ভূমিৰ নদী দাতিঁ কাষৰীয়া উৰ্বৰ ভূমিত দেখা পোৱা এবিধ সৰু আকাৰৰ বিনন্দীয়া চৰাইৰ প্ৰজাতি।চৰাই বিধৰ বৈজ্ঞানিক নাম PLOCEUS BENGJALENSIS । সমগ্ৰ বিশ্বত টোকোৰা চৰাইৰ প্ৰায় ৭০ টা প্ৰজাতি পোৱা যায়। এই প্ৰজাতিৰ চৰাই বোৰ ঘাইকৈ এছিয়া আৰু আফ্ৰিকা মহাদেশত পোৱা যায়। জাক পাতি বস-বাস কৰা এই চৰাই বিধৰ মূখ্য চৰিত্ৰ। ওখ ওখ তাল, তামোল, নাৰিকেল খেজুৰ আৰু কেতিয়া বা ওখ সৰু পাতৰ বৃক্ষ্যৰ ডালত ক'লনি সাজি বস-বাস কৰে।আন চৰাইয়ে সাধাৰণতে নিৰ্জন আৰু লোক চক্ষুৰ আতঁৰত বাহ সাজে,কিন্তু টোকোৰা চৰাই ইয়াৰ ব্যাতিক্ৰম, জন সমাগম, মানুহৰ চলাচল আৰু লোক ছক্ষুৰ ওচৰত বাহ সাজে। এই চৰাই বিধক বহুতে Weaver Bird বা তাঁতি চৰাই বুলিও কয় তাৰ কাৰন চৰাই বিধৰ নিখুঁত ধুনীয়া আৰু পৰিকল্পিত বাহ। চৰাই বিধৰ বাহ সজা গঠন বেছ জটিল আৰু খুবেই আটক ধুনীয়া আৰু বাহ একাধিক কক্ষ বিশিষ্ট। এই বিধ চৰাইৰ মুখ্য খাদ্য বীজ জাতীয় শষ্য ধান মাকৈ তিল মাহঁ কেতিয়া বা ফৰিং কীট পতংগ আদিও খোৱা দেখা যায়। এছিয়াৰ কিছুমান দেশত এই চৰাই বিধক বিলুপ্তি প্ৰজাতিৰ শ্ৰেনীত ৰখা হৈছে।এই চৰাই বিধ দীঘলে ৫-৬ ইন্চি আৰু মতা মাইকী দেখাত যদিও একেই প্ৰজননৰ সময়ত মতা চৰাই বিধৰ ৰং মুৰ পৰা ডিঙিলৈ উজ্জ্বল হালধীয়া হোৱা দেখা যায়। প্ৰজনন সময় এপ্ৰিলৰ পৰা নৱেন্বৰ লৈকে। টোকোৰা চৰাইৰ বাহ বোৰ কলহৰ ওলোটা ৰূপ। বাহ বনোৱাৰ বাবে খুব পৰিশ্ৰম কৰে। ঠোঁটেৰে ঘাঁহ বন খেৰ তামোল, নাৰিকেলৰ আস্তৰন গুচাই যত্ন সহকাৰে বাহ সাজি পেটেৰে ঘহিঁ ঘহিঁ গোল কৰি নিমজ কৰে। বাহ বোৰত আৰন্ভনিতে দুটা ফুটা থাকে আৰু শেষত এটা ফুটা বন্ধ কৰি কনি পাৰি উমনিত বহে আৰু এটা ফুটা প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে ৰাখে। কথিত আছে যে টোকোৰা চৰাইয়ে নিশাৰ ভাগত বাসস্থানত পোহৰৰ বাবে বোকা আৰু গোৱৰ প্ৰলেপত জোনাকি পৰুৱা ধৰি আনি গুজি থৈ পোহৰৰ ব্যৱস্থা কৰে। বাহ সজাত মতা মাইকী হালে সমানে কষ্ট কৰে যেনে মিস্ত্ৰি আৰু যোগালিৰ দৰে। মতা চৰাই টোৱে ঘাঁহ বন তামোল নাৰিকেলৰ পাত ঠোটেঁৰে চিঙি আনি বাহ টোত গোজ মাৰি পুনৰ একে কাৰ্য্য কৰিবলৈ যায় আৰু সেই ছেগতে মাইকী চৰাই জনীয়ে বেজিৰ দৰে এডাল এডাল কৰি চিলাই বাহ সাজে। বাহৰ গৰাকী আচলতে মতা চৰাই টো হে। প্ৰজননৰ সময়ত মতা চৰাই টোৱে এনেধৰনৰ দুই বা তাতোধিক বাহ সাজে আৰু দুইৰ পৰা তিনিৰ জনী মাইকী চৰাইৰ লগত সংসাৰ পাতে। মাইকী চৰাই জনীৰ বাহ পছন্দ হ'লেহে প্ৰজননত লিপ্ত হয়। দুইৰ পৰা চাৰিটা কণী পাৰে। কণীৰ ৰং বগা আৰু এফাল সামান্য জুঙা। টোকোৰা চৰাই বোৰে মুখ্যত বাসস্থানক অগ্ৰধিকাৰ দি সংসাৰ পাতে আৰু দৈন্দিন কাৰ্য্যক্ৰমনিকা পৰিচালিত হয়।যেনদৰে মানুহে ঘৰ খনৰ পৰা দৈন্দিন জীৱন জীৱিকা বংশ বিস্তাৰ চলায় ঠিক তদ্ৰৰূপ টোকোৰা চৰাইয়ো সেই শাৰীত পৰে। বৰ্তমান এই চৰাই বিধ বিলুপ্তিৰ কাঠ গৰাত। বিলুপ্তিৰ মুখ্য কাৰণ সমুহ হ'ল:- 
বাঢ়ি অহা ক্ৰমবৰ্দ্ধমান জনসংখ্যা, প্ৰদূষণ তথা মোবাইল টাৱাৰ সমুহৰ পৰা নিৰ্গত ৰেডিএশ্বন, চুন্বকীয় তৰংগ ওখ গছ গছনিৰ অভাৱৰ বাবে প্ৰজনন ক্ষমতা হ্ৰাস পায় আহিছে যাৰ বাবে বিলুপ্তিৰ শ্ৰেণীত গতি কৰিছে। বিলুপ্তিৰ গৰাহত গতি কৰিও যি খিনি মতা চৰাই বৰ্তমানেও জীয়াই আছে, সেই খিনিয়েও এতিয়াও আটোম-টোকাৰি কৈ বাহ সাজি বংশ বিস্তাৰত প্ৰধান্য দিছে, সেই খিনিয়ে এতিয়াও চিক চিক চিক কৰি বাহ সাজি মাইকী চৰাই বোৰক কব বিচাৰে ! জিল মিল চিতাৰোকা আংগন হোগা, ৰিমজিম বৰছকা.....
 
✍️আব্দুৰ ৰৌফ মন্ডল
খাৰুপেটীয়া, দৰং, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)