আকাশত কলীয়া ডাৱৰ
চানি ধৰিছে চৌদিশ |
কিন্তু তাৰ মাজত কোন এয়া
ভাস্কৰ্য্যৰ কিৰণ?
যাক ৰুদ্ধ কৰিব নোৱাৰে
কোনেও |
স্তব্ধ নহয় কেতিয়াও |
কেতিয়াবা খঙাল
কেতিয়াবা সেমেকা
কেতিয়াবা আকৌ মৃদু হাঁহিৰে দেখা দিয়ে
এই বিশাল ধৰাত |
তুমিওটো এটি ভাস্কৰ্য?
তুমি কিয় স্তব্ধ দুৰ্গম পথ দেখি?
ন’ৰবা তুমি, নহবা ক্লান্ত,
আগুৱাই যোৱা তুমি
কলীয়া ডাৱৰক ফালি,
জিনি লোৱা জগতখনক
তোমাৰ কিৰণেৰে,
কাৰণ তুমিও যে মৃদু কিৰণ
এই ভাস্কৰ্য্যৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ