এটি আৱেগ -সৰিফুল আলম

©Admin
0
এটি আৱেগ 
এটি অনুভূতি 
ওৰ পৰিল এটি যুগৰ ,
তাতেই সৃষ্টি হ'ল 
"অতীত" নামে এটি আৱেগৰ।
       অতীত ,
তুমি বৰ আচৰিত 
তুমি বৰ মধুৰ 
তুমি বৰ ছদ্মবেশী 
কেতিয়াবা যদি হ‌‌হুৱা ,
কেতিয়াবা আকৌ কন্দুৱা ।
      পিছে,
তোমাৰ মাজতেই মোৰ এই 
শুষ্ক হৃদয়ে বিচাৰি পায় যেন 
এটি শান্তসূলভ অনুভূতি। 
তোমাৰ স্মৃতিতেই মোৰ 
নিশাবোৰ উজাগৰী।
     অতীত, 
ভালপাওঁ তোমাক ম‌ই 
উভতি নহা সজাটিৰ 
ম‌ইনা পাখিৰ দৰে।
তোমাৰ আৱেগবোৰ 
তোমাৰ বেদনাবোৰ 
মোৰ মনত জিলিকি 
থাকিব চিৰদিনলে ।
     অতীত,
তোমাতেই বিলুপ্ত হৈছে 
মোৰ এটি সোণালী যুগ।
      অতীত,
তুমি বৰ মধুৰ।
       ‌
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)