কথা আছিল-ৰাহুল চেতিয়া

©Admin
0
কথা আছিল
পাণ্ডু ঘাটত লগ হোৱাৰ
তোমাৰ উমাল বুকুত মূৰ থৈ
সম্মুখলৈ চোৱাৰ...
প্ৰাপ্তি-অপ্ৰাপ্তিৰে ভৰা এই জীৱনত
পুনৰ সুখৰ বন্যা নমাই অনাৰ.....
কথা আছিল...
ব'হাগত 
দুয়ো গৈ ঢেঁকীয়াখোৱা নামঘৰত
চাকি এগছি জ্বলাই
দুয়ো বিবাহত আবদ্ধ হোৱাৰ....
কথা আছিল
জীৱনৰ মধুৰ সেউজীয়া বোৰত
হাতত হাত ধৰি 
নীলা আকাশত শুকুলা মেঘৰ চানেকি বোৱাৰ......
জোনাকৰ পোহৰত 
তোমাৰ সুঠাম বুকুৰ সেউজ বননিৰ কাষে কাষে
মোৰ সুৰত কবিতাক জীপাল কৰাৰ.....
সেইদিনা তুমি আহিছিলা
তোমাৰ হাতত হাত ধৰি 
দীঘলী পুখুৰীৰৰ কোনোবা এখন
শুই থকা চহৰত 
তোমাৰ আৰু মোৰ হৃদয়ত 
চলিছিল এখন ভয়াবহ যুদ্ধ,
কথা জানো নাছিল!

✍️ৰাহুল চেতিয়া ,চিলাপথাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)