ভগ্নাহৃদয়- মিন্টু গোৱলা

©Admin
0
চাকৰি সূত্ৰে এটি পৰিয়াল গাওঁ এৰি চহৰত থকা আজি প্ৰায় দুবছৰ হ'ব হ'ল।পৰিয়াল বুলি ক'লে মাক দেউতা আৰু ছয় বছৰীয়া ল'ৰা এজন থাকে।এখন সুখৰ পৰিয়াল তেওঁলোকৰ ল'ৰা জনেই একমাত্ৰ সন্তান আছিল। তেওঁ লোকে বৰ মৰম আৰু খুব ভাল পাইছিল। 
   সি শিশুৰ প্ৰাক -প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছে। পঢ়া-শুনা ক্ষেত্ৰত ল'ৰা বৰ ভাল।ঘৰৰ মা দেউতাৰ পৰা পোৱা আচাৰ আচৰণ বোৰে মানুহ বোৰে বহুত ভাল পাই। সিদিনা স্কুলৰ পৰা আহি হঠাৎ গাটো বেয়া লগাত মাতৃয়ে হাস্পতাল লৈ লয় যায়। দেউতাকে গম নাপায় ।মাকে ফোন কৰি হঠাৎ হাস্পতাললৈ মাতি পঠিয়ালে। দেউতাকে নিজৰ অফিচৰ কাম এৰি নিমিষতে হাস্পতাল পালে গৈ ।
ডাক্তৰ জনে নিবিড়ক পৰীক্ষা নিৰীক্ষা কৰি । নিবিড়ক বাহিৰলৈ পঠিয়াই দি ।মাক আৰু দেউতাক তেওঁৰ টেবুলত ওচৰত বহোই ক'লে -
:- দাদা ল'ৰা জনৰ গাত গ্ৰেড -৪
কেন্সাৰে ধৰা পৰিছে ।ইয়াৰ চিকিৎসাৰ বাবে চহৰৰ ভাল এখন হাস্পতালত দেখাব লাগিব।
ডাক্তৰ জনৰ কথা শুনি মাকে উচুপি কান্দি উঠিলে।
ডাক্তৰ জনে ক'লে - আপুনি অধৈৰ্য্য নহ'ব ।অলপ নিজক স্বম্ভালিৱব আৰু তাক এইবোৰ কথা নকʼব।
ডাক্তৰ জনৰ কথা শুনি মাক দেউতাকে নিবিড়ক এইবোৰ কথা নকʼলে।
ডাক্তৰ জনে দিয়া সামান্য ঔষধে ৰোগটো নিৰাময় কৰি ৰাখিছে। কিন্তু নিবিড়ৰ অনুভৱ হয় যে কিবা ডাঙৰ ৰোগে মোক আক্ৰান্ত কৰিছে।সি মনে মনে ইয়াৰ কাৰণ জানিবলৈ ইন্টাৰনেটত বিচাৰিল।
বিচাৰি নিজেই গম পালে।তাৰ দেহত এক ভয়াবহ ৰোগত আক্ৰান্ত হৈছে। কিন্তু মাক আৰু দেউতাক নকʼয়।কাৰণ তাক খুব মৰম আৰু ভাল পাই । কিন্তু মাক দেউতাকে গম পায়।নিবিড়ে ভাৱে যে মা আৰু দেউতা গম নাপায়। সকলো কথা গম পাওঁ নোপোৱাৰ ভাওঁ লৈছে।
নিবিড় ঔষধ বোৰ শেষ হৈ আহিল। আকৌ চিকিৎসাৰ বাবে ল'বলৈ সময় হৈ আহিল।মাক আৰু দেউতাকে সিদিনা কাৰোবাৰ মুখত শুনিছিল যে চহৰৰ মাজমজিয়াত এখন কেন্সাৰ ভাল হাস্পতাল আছে ।সিদিনা ৰাতিয়েই মাক আৰু দেউতাকে সিন্ধান্ত কৰিলে যে নিবিড়ক সেই হাস্পতালখনলৈ লৈ যোৱা হওঁক।
         ৰাতিপুৱা প্ৰায় ১০:০০বজাত তিনিও হাস্পতাল লৈ ওলাই গ'ল। হাস্পতাল গৈ নিবিড়ক বাহিৰত এৰি ডাক্তৰ জনক লগত কৰিবলৈ গ'ল।ডা: কুমাৰৰ চেম্বাৰত সোমাই গ'ল। ডাক্তৰ জনক লগ কৰি নিবিড়ৰ মাক দেউতাকে ক'লে -আমাৰ ল'ৰা নিবিড় বাহিৰত অপেক্ষা কৰি আছে।তাৰ কেন্সাৰ হৈছে। কিন্তু কথাটো তাক জনোৱা নাই । অনুগ্ৰহ কৰি আপুনি ও তাক কথাটো নজনাব! 
তেওঁ লোকৰ অনুৰোধ ৰাখি নিবিড়ক একো নোকোৱাৰ প্ৰতিশ্ৰুতি দিলে ।
কিছুমান সময়ৰ পাছতেই মাক দেউতাকে ডাক্তৰ জনৰ কোঠালৈ লৈ আনে নিবিড়ক 
ছয় বছৰীয়া শিশুটিৰ মুখত তাৰ স্মিত হাঁহি ,মুখত আত্মবিশ্বাসৰ ছাপ সেয়া দেখি ডাক্তৰ জনে আচৰিত হ'ল ।
নিবিড়ক ডাক্তৰ জনে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত 
ডাক্তৰ নিবিড় মাক দেউতাক বাহিৰত বহিবলৈ ক'লে 
মাক দেউতাকে কোঠাৰ পৰা ওলাই যোৱা লগে লগে 
নিবিড়ৰে ডাক্তৰ জনক ক'লে - ডাক্তৰ মোৰ কি হৈছে মই সকলো জানো। মই ইন্টাৰনেটত সকলো চালোঁ মোৰ ৰোগৰ সম্পৰ্কে আৰু জানিব পাৰিছোঁ।
মই ইয়াকে জনাইছোঁ যে মই আৰু ছমাহে জীয়াই থাকিম । কিন্তু এই কথা মোৰ মা দেউতাক নজনাব।মোৰ কেন্সাৰ হোৱা বুলি । তেওঁ লোকে জানিলে খুব দুখ পাব ।মা দেউতাই মোক খুব ভাল পায় আৰু খুব মৰম কৰে ।কাৰণ এটাই ল'ৰা বুলি। আপুনিও তেওঁ লোকক মোৰ বেমাৰৰ কথা নজনাব প্লীজ!
কণমানি শিশুজনৰ এনে আহ্বান শুনি ডাক্তৰ জনে স্তম্ভিত হৈ পৰিল । চিকিৎসাৰ কঠিন জীৱনত বহু অভিজ্ঞতা পাইছে কিন্তু এনে হৃদয়বিদাৰক পৰিস্থিতিৰ সন্মুখীন তেওঁ পূৰ্বে কেতিয়াও হোৱা নাছিল।
হাজাৰ চেষ্টা কৰিও যে নিবিড়ক ডাক্তৰে ৰাখিব নোৱাৰে আৰু নিবিড়ে কৰা অনুৰোধ ও ডাক্তৰ জনে ৰাখিব নোৱাৰে। ডাক্তৰ জনে নিবিড়ৰ মাক দেউতাক মাতি ক'লে -সন্তানে নিজৰ ৰোগৰ আৰু বাকী থকা আয়ুসৰ কথা জানে ।
সেই কথা শুনি মাকে কান্দোনত ভাগি পৰিল । ডাক্তৰ জনে আৰু কেইটামান কথা ক'লে - নিবিড়ৰ হাতত নিচেই কম সময় আছে। সেইবাবে আপোনালোকে যিখিনি সময় হাতত আছে সেইখিনি সময় অন্তত তেওঁক দিয়ক ।
 মাক দেউতাকে নিবিড়ক লৈ ঘৰলৈ আহিল ।মাকে ডাক্তৰৰ কথাবোৰ মনত পেলাই তাৰ লগত সময় বোৰ কটাবলৈ লৈছে ।আনকি দেউতাকেও সাময়িক ছুটী লৈ ঘুৰা ফুৰা কৰিছিল। তেওঁলোকে কেতিয়াও নিবিড়ক ৰোগী যেন অনুভৱ হ'বলৈ নিদিলে ।
এনেকৈ দিনবোৰ পাৰ হৈ গʼল আৰু নিবিড়ো এই পৃথিৱী এৰি নেদেখা জনৰ ওচৰলৈ গʼল।মাক দেউতাকৰ হৃদয় খন ভাগি নিবিড়ে তেওঁ লোকৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। নিবিড়ৰক নিয়তিৰ বাণীত মেৰিয়াই বান্ধি লৈ গ'ল।
           এনেকৈ আঠ মাহ পাৰ হৈ গʼল।ন মাহৰ মুৰত পুনৰ নিবিড়ৰ মাক দেউতাক চিকিৎসালয়ত দেখা পালে। তেওঁ লোক আহিছিল ডাক্তৰ জনৰ সাক্ষাৎ কৰিবলৈ । কিন্তু লগত নিবিড় নাছিল। ডাক্তৰ জনে দেখা পাই হাস্পতালত প্ৰবেশ কৰিব খুজি ৰৈ গ'ল। ডাক্তৰ জনে নিবিড়ৰ মাক দেউতাক দেখা লগে লগে চিনি পালে। ডাক্তৰ জনে মনে মনে ভাবিলে!
 আঠ মাহৰ পূৰ্বে তেওঁ লোকে মোৰ ওচৰলৈ আহিছিল। অনেক আশা লৈ গ্ৰেড -৪ কেন্সাৰত আক্ৰান্ত পুত্ৰক লৈ চিকিৎসাৰ সহায় বিচাৰি আহিছিল। তেওঁলোকক দেখা পায় ডাক্তৰ জনৰ দুচকুত ভাঁহি উঠিল সেই মুখৰ স্মিত হাঁহিটো তেওঁ বিচাৰি ফুৰিছিল সেই ছয় বছৰীয়া নিবিড়ক ।পিছে দেখা নাপালে।অনুসন্ধিৎসু মনতো লৈ ডাক্তৰ জনে মাক দেউতাকৰ কাষলৈ গৈ সুধিলে -আপোনালোক নিবিড়ৰ মাক দেউতাক নহয় জানো। নিবিড় কেনে আছে?
ডাক্তৰ জনে মনে মনে ভাবিলে -তাৰ পাছৰ উওৰৰ বাবে একেই বাৰে প্ৰস্তুত নাছিল।
বহু সময় ভাৱি মাকে ক'লে - আজি এমাহ হ'ল সি আমাক এৰি যোৱা ।
আপোনাৰ ওচৰলৈ অহা পাছত আমি নিবিড়ৰ সৈতে ভাল সময় কটালো।
দেউতাকে ক'লে - সি ডিজনীয়ে চাব বিচাৰিছিল। মই চাকৰি সাময়িক ছুটী লৈ তাক তালৈ নিছিলো। কিন্তু সি আমাক এৰি গুচি গ'ল। আজি আপোনাক কৃতজ্ঞতা জনাবলৈ আহিছোঁ।নিবিড় যোৱা আঠ মাহে হ'ল। কিন্তু সি আমাৰ মাজত আজিও  
জীয়াই আছে । কাৰণ আপুনি কোৱা সেই কথাষাৰৰ বাবে আপোনাক কৃতজ্ঞতা জনালোঁ।
ডাক্তৰ জনে ভাবিলে - নিবিড় আৰু নাই। তেওঁৰ অকস্মাতে বুকুত কিবা এটাই খুন্দিয়াই থৈ গʼল। নিমিষতে ডাক্তৰ জন ভাৰাক্ৰান্ত হৈ পৰিল । ডাক্তৰ জনে একো ক'ব পৰা নাছিল তেওঁ মাথোঁ নিবিড়ৰ মাক দেউতাকৰ মুখলৈ ৰʼ লাগি চাই থাকিল ।
                           
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)