কণমানি চিলাই কিদৰে উৰিব শিকিলে≈অংকিতা বৰুৱা

©Admin
0
"মই নোৱাৰো",কণমানি চিলাখনে ক'লে 
যেতিয়া ওপৰত আনক উৰা দেখা পালে। 

"মই জানো,পৰি যাম যদি মই উৰো"
কণমানি চিলাই দোহাৰিলে। 
চেষ্টা,মাথোঁ চেষ্টা কৰা।বৰ চিলাই ক'লে,
কেনেকৈ হ'ব কাহানিও নিশিকাকৈ ৰ'লে??
কণমানি চিলাই কলে,"মোৰ পৰোঁ বুলি ভয়"
বৰ চিলাই ক'লে,
যোৱা, যোৱা বিদায়!
"মই গ'লো",সি গতি কৰিলে আকাশৰ দিশে। 

তাৰ পাছত হঠাৎ চিলাখন লৰিল। 
সাহস গোটাই পুনৰ উৰিল। 
ঘূৰি-ঘূৰি ভয় খাই,সাহস বাঢ়িল। 

ওপৰলৈ সি অকলেই গ'ল,
বৰ চিলাই চাই আছিল তেতিয়ালৈ।
কিদৰে সি উৰিছিল ধীৰে-ধীৰে কৈ।

কণমানি চিলাই গৌৰৱত বিহ্বল হ'ল, 
বৰ চিলাৰ স'তে ফুৰি ছাকি ৰ'ল। 
দূৰণিৰ পৰা যেতিয়া তললৈ চালে, 
মাটিত মাথোঁ ফুট দেখা পালে। 

শান্ত বতাহত সিহঁতে জিৰণি ল'লে,
যত মাথোঁ ডাৱৰ আৰু চৰাই দেখা পালে। 

"কিমান যে সুখী মই" চিলাই সুখতে কান্দিলে 
"চেষ্টা আৰু সাহসৰ বাবেই যে সি শিকিলে!"

                                        
                                        
    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)