বহি আছোঁ নিৰলা ঘৰত মোৰ
প্ৰকৃতিৰ লীলামালা চায়
অকলে অকলে৷
মনত পৰিছে মোৰ
অতীতৰ সোণালী দিনলৈ ৷
অতীতযে মোহনীয়া
সুমধুৰ সেউজীয়া
শৈশৱৰ সোঁৱৰণি ভৰা
অপাৰ আনন্দ
ফুল কুমলীয়া মন
সুখৰ নিজৰা
উলাহে সাজিলোঁ ক'ত
সপোনৰ বালিঘৰ
লগৰ লগৰীৰ সতে
বিয়া পাতি কইনা দৰা
দৈৱকীয়ে পানী তোলে
বিল পুখুৰীত
উখল-মাখল কৰি পুখুৰীৰ পাৰ
জাত জাত বিয়ানাম আৰু উৰুলিত৷
এটা সময়ত
সামৰি সুতৰি থ'লোঁ
বালিঘৰ সজা
শাসনৰ বাঘজৰী ডালে কয়
পঢ়া আৰু পঢ়া
নতুন নতুন লগ পাওঁ আৰু?
পোহৰৰ বাটে বাটে আগুৱাই যাওঁ৷
শৈশৱতে ভবাৰ দৰে
যদি জীৱনটো এডাল
সৰল ৰেখাৰ দৰে হ'লহেঁতেন!
শৈশৱৰ সোণালী নদীত
সাতুৰি থাকোঁতে
কেতিয়ানো যৌৱন আহে
সোণ হালধীয়া ৰং ৰূপ লৈ
প্ৰলোভনে জাল তৰে
ক'তনা উজুতি খাই
জীৱন বাটৰ
কাঁইটৰ খোঁচ খাই
তথাপি জীৱন যায় আগুৱাই
আশাৰ চাকিটিৰ
এধানি পোহৰ চাই।
কাৰোঁবাৰ বাবে
সংসাৰখনি
সুখৰ সোণালী উপত্যকা
কাৰোঁবাৰ বাবে
একেটি জীৱন
তপত মৰুৰ খোলা৷
বাহিৰত দেখো
বলিছে বতাহ জুৰ
গছ লতিকাই নাচিছে বাগিছে
সপোনৰ মিঠা সুৰ।
এইযে নাচোন
যেতিয়া তাণ্ডৱ হয়
তেতিয়া যে মোৰ
উৰুখা পঁজাত
বিষাদৰ নদী বয়৷
বছৰ বাগৰি যায়
দাঁত সৰি যায়
চুলি পকি যায়
স্মৃতিৰ ভঁৰাল ভৰে
এই ঘৰ এৰি পোহৰ বিচাৰি
সকলো আঁতৰি যায়৷
বাকী থাকে মাথোঁ
ৰখীয়া এজন
চাই থাকে বাটলৈ
"কোনোবা আহিব নেকি মোক চাবলৈ"?
✍️ৰেণু শৰ্মা।
ডিব্ৰুগড়।অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ