৮ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৫টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৫০৯ চনত বিজয় নগৰৰ সম্ৰাট হিচাপে মহাৰাজ কৃষ্ণদেৱ ৰয়ৰ ৰাজ অভিশেষ।
২/ আজিৰ দিনটোতে ১৮১৫ চনত ৱাৰ্টালু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাৰ্পাটক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৪২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল।
৪/ আজিৰ দিনটোতে ১৮৬৫ চনত ভাৰতীয় সামাজিক কৰ্মী অবলা বসুৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯০২ চনত 'কোৱাণ্টাম ইলেক্ট্ৰ'ডাইনেমিকছ'ৰ বাবে জনাজাত নোবেল বিজয়ী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী পল এদ্ৰিয়েন মৰিছ ডিৰাকৰ জন্ম হৈছিল।
৬/আজিৰ দিনটোতে ১৮২৭ চনত ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৰ্জ কানিংৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ