অসমৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ — নাছিৰ আহমেদ

©Admin
0
বৰ্তমান অসমত সৰ্বমুঠ ১২খন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (Medical college and Hospital) চিকিৎসা সেৱা চলাই আছে। সেইবোৰ হ'ল ক্ৰমে ---
১/ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, গুৱাহাটী ( GMCH) প্ৰতিষ্ঠা -১৯৬০ চনত।
২/ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ডিব্ৰুগড় (AMCH) প্ৰতিষ্ঠা ১৯৬১ চনত পৰৱৰ্তী ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নামকৰণ,১৯৭২ চনত 
৩/ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, শিলচৰ (SMCH) প্ৰতিষ্ঠা -১৯৬৮চনত
৪/ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, যোৰহাট ( JMCH) প্ৰতিষ্ঠা:-২০১০ চনত
৫/ তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, তেজপুৰ (TMCH) প্ৰতিষ্ঠা:- ২০১৩ চনত
৬/ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বৰপেটা (FAAMCH) প্ৰতিষ্ঠা:- ২০১১ চনত।
৭/ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ধুবুৰী (DMCH) প্ৰতিষ্ঠা:-
৮/ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, কোকৰাঝাৰ (KMCH) প্ৰতিষ্ঠা:- ২০১৮ চনত 
৯/ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, লখিমপুৰ (LMCH) প্ৰতিষ্ঠা:-
১০/ নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, নগাঁও (NMCH) প্ৰতিষ্ঠা:-
১১/ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল ,ডিফু (DMCH) প্ৰতিষ্ঠা:-২০২০ চনত 
১২/ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, তিনিচুকীয়া ( TMCH )  প্ৰতিষ্ঠা:-২০২০ চনত ।
১০৭১চনলৈকে অসমত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আছিল। তেতিয়া অসমৰ জনসংখ্যা আছিল ১৪.৬ মিলিয়ন । অৰ্থাৎ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে গড়ে প্ৰায় ৫০ লাখ   মানুহৰ চিকিৎসা সেৱা আগবঢ়াইছিল। বৰ্তমান ২০২৪ চনত অসমৰ সৰ্বমুঠ জনসংখ্যা ৩৬,১৫৯,০০০ জন। এতিয়াও ১২খন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে গড়ে ৩০ লাখ মানুহৰ চিকিৎসা সেৱা আগবঢ়াব লগা হৈছে। ইয়াৰ উপৰিও অসমৰ সকলো নগৰ- চহৰত বিভিন্ন চিকিৎসালয় আৰু গাঁওসমূহত গ্ৰাম্য চিকিৎসালয় গঢ়ি উঠিছে। তাৰ উপৰিও অসমৰ চুকেকোণে ব্যক্তিগত খণ্ডত অসংখ্য চিকিৎসালয় গঢ়ি উঠি ৰাজ্যৰ জনসাধাৰণক চিকিৎসা সেৱা আগবঢ়াই আছে।তৎসত্তেও, অসমৰ স্বাস্থ্যখণ্ডৰ অৱস্থা এতিয়াও উন্নত খাপৰ হোৱা নাই যেন লাগে। চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যৰ বাবে মানুহৰ শৰীৰৰ প্ৰায় প্ৰতিটো অঙ্গত হোৱা জটিল ৰোগসমূহ চিহ্নিত কৰি  পৃথিৱীৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহত বিভিন্ন বিভাগ (   department) খুলি বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা উন্নত মানৰ চিকিৎসা সেৱা আগবঢ়াই আছে। অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহত বিভিন্ন বিভাগ স্থাপন কৰা হৈছে যদিও এইবোৰৰ ভিতৰ চ'ৰাত অনুধাৱন কৰিলেই অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত ফোঁপোলা স্বৰূপ ওলাই পৰে।  উদাহৰণ হিচাপে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত Anatomy, physiology and biochemistry বিভাগত Professor , Associate professor ৰ কেইবাটাও পদ খালি হৈ আছে। আৰু Medicine, Surgery,  Obstetrics and Gynecology   বিভাগতো কেইবাজনো Assistant professor ৰ পদ খালি হৈ আছে। তাৰ উপৰিও Staff Nurse ৰ ১৫০টা+ পদ, Laboratory Technician ৰ ৫০টা+ পদ আৰু Radiographer ৰ ২০টা+ পদ
Pharmacist ৰ  ১০+ পদ
আৰু Medical Social worker ৰ ৫ টা+ পদ খালি হৈ আছে।  একে ধৰণে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত Professor, Associate professor, Assistant professor Staff Nurse Laboratory Technician আৰু অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত Anesthesiology, SPM, Radio Therapy, Anatomy, Physiology, Radio Diagnosis, Microbiology, Dermatology, Psychiatry, Paediatrics, Plastic surgery, Ophthalmology, Dentistry ,ICU Technician কে আদি কৰি সকলো বিভাগত সৰ্বমুঠ ১১২ টা ডাক্তৰ সহ গেজেটেড পদ খালি হৈ আছে।লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ  বিভিন্ন বিভাগৰ কেইবাজনো Professor, Associate professor , Assistant professor , Staff Nurse, Laboratory Technician আৰু Radiographer ৰ পদ খালি হৈ আছে।  তেনে ধৰণে অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বাহ্যিক আৰু আভ্যন্তৰীণ অৱস্থা খুবেই শোচনীয় হৈ আছে। যেনে আন্তঃগাথঁনিঃ (Infrastructure) প্ৰায় সকলো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আন্তঃগাথঁনিসমূহ দুৰ্বল, অপৰ্যাপ্ত ভৱন আৰু শ্ৰেণীকোঠা, আধুনিক যন্ত্ৰ-পাতিৰ অভাৱ আৰু সুবিধা সীমিত। টয়লেট সমূহ জৰাজীৰ্ণ, পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ  অভাৱ, খোৱা পানীৰ যোগান অপৰ্যাপ্ত, বিজুলী সৰবৰাহ প্ৰায় বিচ্ছিন্ন হৈ থাকে, আই চি উ ( ICU), Blood Bank  Oxygen ৰ যোগান একেবাৰে সীমিত। 
ষ্টাফঃ ( Staffing)  বেছিভাগ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত খুবেই কমসংখ্যক ডাক্তৰ,নাৰ্ছ, চিকিৎসা কৰ্মী আৰু টেকনিচিয়ান আৰু বিভিন্ন ষ্টাফ অবিহনে চলি আছে।
পৰীক্ষা-নিৰীক্ষাৰ অস্ত্ৰপাতিঃ ( Equipment)বেছিভাগ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আধুনিক অস্ত্ৰপচাৰকে আদি কৰি পৰীক্ষা-নিৰীক্ষা কৰাৰ অস্ত্ৰপাতিৰ অভাৱ পৰিলক্ষিত হৈছে। এনেকি ৰোগ নিৰ্ধাৰণ কৰা ( Diagnostic machines) আৰু চিকিৎসাৰ সা-সুবিধা প্ৰদান কৰা অত্যাধুনিক অস্ত্ৰপাতি প্ৰায় বেছিভাগ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নায়েই। 
পুঁজি আৱন্টনঃ (Funding) ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে বাজেটৰ পৰা স্বাস্থ্য খণ্ডত প্ৰচুৰ পুঁজি আৱন্টন, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিয়ালৰ মন্ত্ৰালয়ৰ পৰা পুঁজি মঞ্জুৰী, প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা(PMSSY)  আঁচনিৰ জৰিয়তে ধন বিনিয়োগ নেচনেল হেল্থ মিচন (National Health Mission ) আঁচনিৰ জৰিয়তে পুঁজি আৱন্টন, ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization) পৰা পুঁজি সংগ্ৰহ আৰু চৰকাৰী বা বেচৰকাৰী সংস্থাসমূহে আৱন্টন,ঋণ, সহায় আৰু দানৰ জৰিয়তে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালসমূহৰ বাহ্যিক আৰু আভ্যন্তৰীণ অৱস্থা উন্নীতকৰণ কৰি উন্নত মানৰ চিকিৎসা সেৱা আগবঢ়াই লোৱাৰ সা-সুবিধা প্ৰদান কৰা সত্ত্বেও আধুনিক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সেইখিনি পুঁজি যথেষ্ট নহয়। বহুক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি বা দুৰ্নীতিৰ বাবে সেই পুঁজিও সঠিক ভাবে ৰূপায়ণ নহয় ; যাৰ ফলত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাস গৃহ , ছাত্ৰ-ছাত্ৰীৰ আৱাসগৃহ আদি জৰাজীৰ্ণ ৰূপ পাইছে। ৰোগীক অনা নিয়া কৰা এম্বুলেন্স সেৱাও প্ৰায় বিকল হোৱাৰ ফলত বহুত ৰোগীয়ে সঠিক সময়ত চিকিৎসা সেৱা লাভ কৰিব নোৱাৰি অকাল মৃত্যুক আকোঁৱালি লোৱা দেখা যায়। তাতে আকৌ সীমিত সংখ্যক ডাক্তৰেৰে চলি থকা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ডাক্তৰসকলে অধিক উপাৰ্জন কৰিবলৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ নামত ৰোগীক চোৱাৰ বাবেই ১৫০০ টকাৰ পৰা ২০০০ টকালৈকে ভিজিট লোৱা দেখা যায়। এনে ব্যৱসায়ী- ভাৱাপন্ন‌ ডাক্তৰসকলক নাকী লগাব কোনে ? কেন্দ্ৰীয় চৰকাৰে ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহক ( দেশী আৰু বিদেশী) নাকী লগাব পৰা নাই। যাৰ ফলত এই কোম্পানীসমূহে বজাৰত ঔষধ যোগানৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে আনপিনে ভেজাল ঔষধৰে বজাৰ ভৰাই তুলিছে। দিনক দিনে ঔষধৰ দূৰ্মূল্যই সাধাৰণ মানুহক জ্বলাকলা খুৱাইছে। আমাৰ দেশে প্ৰচুৰ পৰিমাণে ভেকচিনো আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰতৰ চিকিৎসা বিজ্ঞানীয়ে কৰোণাৰ ভেকচিনো শেষত গৈ বেবেৰিবাং হ'ল। তদুপৰি কেইটামান দুৰাৰোগ্য ব্যাধিৰ বাবে চৰকাৰে বিনামূলীয়াকৈ চিকিৎসাৰ সা-সুবিধা প্ৰদান কৰিছে যদিও অসমৰ চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণে ডক্তৰ বা সা-সুবিধা নথকাৰ ফলত বেছিভাগ ৰোগীয়ে হয় বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত বা চেন্নাই, হায়দৰাবাদ,ভেলোৰ, দিল্লী আৰু মোম্বাইৰ চিকিৎসালয়ত গৈ ভৰ্তি হ'বলৈ বাধ্য হৈছে। অসমৰ প্ৰান্তে প্ৰান্তে বেঙৰ ছতাৰ দৰে গঢ়ি উঠা বেচৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহোও চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ডাক্তৰসকলৰ সহায় লৈহে চলি আছে। বেছিভাগ ফাৰ্মেছিৰ  (Pharmacy)লাইচেন্স বা উপযুক্ত ফাৰ্মেছিষ্ট নাই। এইবোৰত প্ৰকৃত জীৱনদায়িনী ঔষধৰ পৰিৱৰ্তে ভেজাল ঔষধ বা ড্ৰাগছ বিক্ৰী হয় বুলি অভিযোগ উত্থাপিত হৈছে।
এয়াই হৈছে আমাৰ ৰাজ্যৰ বৰ্তমান স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ ; বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)