আদবাটটে এৰি,
কিয় আনৰ হৈ গলা তুমি?
অভিমানৰ টোপোলাটো বুকুত বান্ধি,
পাৰ হৈ যায় কত নিৰ্জন ৰাতি।
অকলশৰে নিস্তব্ধ হৈ,
বহি ৰও মাথোঁ মই।
স্মৃতি হৈ ৰৈ যায়,
তোমাৰ লগত পাৰ কৰা,
কিছু মূহুৰ্ত।
অসফল হৈ ৰৈ যায় বহু সপোন,
বাৰে বাৰে আমনি কৰে মোক,
তোমাৰ সেই মৰমসনা স্পৰ্শই।
মনত পৰে বাৰে বাৰে,
তুমি কৈ যোৱা কথাষাৰ;
"মই আছোঁতো"
কিন্ত......
জীৱনে কেতিয়াও হাৰ নামানে,
পাৰ হৈ দুখৰ সাগৰ,
ভৰি দিব খোজে;
সেউজীয়া সপোন বিচাৰি।
তথাপিও কোনোবা ক্ষণত,
মনটোৱে হাবাথুৰি খাই ফুৰে,
তোমাক বিচাৰি।
তুমিটো মোক কথা দিছিলা,
গোটেই জীৱন মোৰ সাহস হৈ থাকিম বুলি;
কিয় মোক হতাশ কৰি ...
আঁতৰি গলা তুমি?
তথাপিও মই আজীৱন ৰৈ থাকিম;
তোমাৰ অপেক্ষাত।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ