তোমাৰ তুলনাত নাই সংসাৰৰ কোনো ধন ।
অকলশৰীয়া জীৱনত লগৰী হৈ আহিলা তুমি ,
জীৱন সংগ্ৰাম পথৰ তৰনি হৈ আহিলা তুমি ।
মোৰ বিৰামহীন জীৱনৰ ইন্ধন তুমি ,
মোৰ জীৱন যুদ্ধ ৰথৰ সাৰথি তুমি।
পিতৃ প্ৰেম মাতৃৰ মমতা উছৰ্গা কৰিলা তুমি
নতুন সম্বন্ধ নতুন সংসাৰ প্ৰেমৰে গঢ়িলা তুমি।
মাতৃ ৰূপত নতুন জীৱন পৃথিৱীলৈ আনিলা তুমি ,
গুৰুমাতৃ ৰুপত মোৰ অংগক পথ প্ৰদৰ্শন কৰিবা তুমি ।
✍️শ্ৰৱন তেলী
মাজবাট, উদালগুৰী, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ