নীলা খামৰ চিঠি ≈কল্পনা বৰা

Rinku Rajowar
0
মৰমৰ প্ৰিয়তম,
          হৃদয়ৰ নিভাঁজ কোণত ওলমি ৰোৱা অপ্ৰকাশিত মৰমবোৰ চিঠিৰ বেবেৰিবাং শব্দৰ ভাঁজে-ভাঁজে আপোনালৈ বুলি গুঠি পঠালোঁ। আশাকৰোঁ নিশ্চয় আপুনি কুশলে আছে।
চাওঁকচোন ,চিঠি লিখাৰ অভ্যাস একেবাৰে নাই, তথাপি আজি বৰ সাহস কৰি কলমটো হাতত তুলি লৈছো । হাজাৰটা ভাৱনা বুকুত গুজি লৈও শব্দবোৰচোন কলমেৰে নিগৰিবই খোজা নাই । শব্দবোৰৰো আজি বৰ অভিমান‌ নহয়নে ! -- ঠিক আপোনাৰ দৰে ।
        আন্ধাৰৰ কুহেলিকা ফালি পুঁৱাৰ সুৰুযে যিদৰে কঢ়িয়াই আনে এচমকা ৰ'দ, ঠিক তেনেদৰেই যেন আপুনি মোৰ জীৱনত কাঁচিয়লী ৰ'দ হৈ নামিছিল,এচমকা জোনাক হৈ হৃদয়ত ফুলিছিল। কেতিয়াবা বাৰু মন নাযায়নে আপোনাৰ সময়ৰ সোঁতত এৰি অহা দুটা বসন্তৰ পৃষ্ঠাবোৰ আলফুলে মেলি চাবলৈ ? সেই যে আমাৰ প্ৰথম সাক্ষাতৰ দিনা মোৰ হাতত হেঁপাহেৰে গুজি দিছিল বনৰীয়া শুভ্ৰ বগা খৰিকাজাঁই ফুলপাহি , আজিও ডায়েৰীৰ পৃষ্ঠাবোৰৰ মাজত সযতনে ৰাখিছোঁ জানে ? ডায়েৰীৰ পৃষ্ঠাবোৰ মেলি চালেই ক'ৰবাৰপৰা আপুনি আপুনি যেন লগা সুগন্ধ এটাই মোক আপোনপাহৰা কৰেহি। নভবাকৈয়ে জীৱনলৈ প্ৰেম আহে। মোৰ জীৱনলৈও যে হঠাৎ কোনোবা আহি প্ৰত্যেকটো মুহূৰ্তই ইমান ৰঙীন, মধুৰ কৰি তুলিব, কেতিয়াবা জানো মই কল্পনা কৰিছিলোঁ ! চাওঁকচোন, আপোনাৰ কথাবোৰ মনলৈ অহাৰ লগে লগেই মোৰ সেমেকা ওঁঠজুৰিত এটি নিৰ্মল হাঁহি বিয়পিছে ! হাঁহিটো বাৰু জীয়াই ৰাখিবনে আপুনি আজীৱন ? মনৰ সকলো আৱেগ-ভালপোৱা চিঠিখনত উজাৰি দিব খুজিও শব্দবোৰে আজি বৰ অগাদেৱা কৰিছে জানে! প্ৰেম বাৰু এনেকুৱাই নেকি প্ৰিয়তম ? প্ৰেমৰ সংজ্ঞা মই নাজানো -- মাথোঁ এটাই জানো মোৰ প্ৰেম মানে কেৱল "আপুনি" ।
     ‌           দুৰ্গাপূজা পালেহি মনটো বৰ থৌকি-বাথৌ হয় জানে -- যিদৰে হয় হেঁপাহৰ বিহুকেইটি আহিলে। কিমান যে হেঁপাহ, নতুন আশা বুকুত বান্ধি ৰৈ থাকোঁ আপুনি অহালৈ ! লগ পোৱাৰ কেইবাদিন আগৰপৰাই মোৰ মুখৰ হাঁহিটি নুগুচেই‌ জানে ! লগৰবোৰে যে তেতিয়া বৰকৈ জোকাই মোক । আপোনাক কাষত পালে বৰ অভিমান কৰিব মন যায় তেতিয়া। ইমান আৱেগ,মনৰ কথাবোৰ বুকুত বান্ধি ৰাখিও আপোনাক দেখাৰ লগে লগেই চোন মোক লাজে আৱৰি ধৰে । মই দেখোন আপোনাৰ চকুলৈ চাবলৈও সাহস গোটাব নোৱাৰো। আপোনাৰ মনত আছেনে, মই যে আপোনাৰ দুহাত ধৰি আপোনাক সুধিছিলো -- "হেঁপাহবোৰে কিয় আমাৰ বুকুত সপোনৰ ঘৰ সাজে প্ৰিয়তম ?"
আপুনি মোৰ চকুত চকু থৈ কৈ উঠিছিল --- "হেঁপাহবোৰ ,মৰমবোৰ আছে বাবেই ভালপোৱাবোৰ জী আছে জানা! যিদিনা এই হেঁপাহবোৰৰ মৃত্যু হ'ব, সেইদিনা বুজিবা ভালপোৱাবোৰো উৱলিছে ।" মই যে সেইদিনা মৰমবোৰৰ ভৰ সহিব নোৱাৰি কান্দি পেলাইছিলো আপোনাৰ দুবাহুত মূৰ থৈ। প্ৰিয়তম,ৰাখিবনে মোক সদায়ে এই বিশ্বাসেৰে আৱৰি ‌? যিদিনাই আপুনি ঘৰ এৰি পুনৰ হোষ্টেললৈ উভতি যায়, মোৰ বুকুখন কিবা উদং উদং লাগে অ' ।এনে লাগে মোৰ যেন আপুনি বহু দূৰলৈ গুছি গৈছে।নিজেই নিজক সান্ত্বনা দি চকুলোবোৰ নিজেই মোহাৰো সেইদিনা,কাৰণ -- আপুনিতো তেতিয়া কাষত নাই। বুকুখনত অনবৰতে অজান ভয় এটাইও খুন্দিয়াই থাকে -- ইউনিভাৰ্ছিটিৰ হোষ্টেল! কি বা কৰিছে আপুনি তাত ! আপোনাৰ খবৰ পোৱালৈকে বাট চাই থাকোঁ প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত ।
                   প্ৰিয়তম,এইবাৰ দুৰ্গাপূজাত ঘৰলৈ অহাৰ কথা আছে নহয় আপুনি ? মই বৰ হেঁপাহেৰে বাট চাই ৰ'ম আপুনি অহালৈ । হৃদয়ত অজস্ৰ কথা আপোনাৰ বাবে সা‌ঁচি ৰাখিছো জানে ! লাজৰ ওৰণি গুছাই এইবাৰ সকলোবোৰ কথাই খুলি ক'ম আপোনাক। আকাশত উৰি ফুৰা পক্ষীবোৰে গীত গাব,বিৰিখে হাঁহি মাৰি এজাকি বতাহ হৈ আমাক চুব। আমি দুয়ো বহি ৰ'ম একেখন আকাশৰ তলত । সেইদিনা আমালৈ চাই বোঁৱতী নৈখনো চঞ্চল হ'ব; লাজকুৰীয়া সুৰুয লাহে লাহে পশ্চিমাকাশত ডুবিব। সাক্ষী হৈ ৰ'ব চৰাইজাক,আকাশখন,চেঁচা বতাহজাকী আৰু পশ্চিমৰ বেলিটি আমাৰ মৰমবোৰৰ।উস্! কিমান যে ভাল লাগিব,নহয়নে প্ৰিয়তম? সেইদিনা মই চকুলো নুটুকো আপোনাক বিদায় দিয়াৰ পৰত। হাঁহি হাঁহি চাই থাকিম আপোনাৰ ছায়াটি শেষ নোহোৱালৈ ।
              প্ৰিয়তম,মনৰ কথাবোৰৰ দেখোন অন্তই পৰিব নুখুজে,হৃদয়ৰ পৰা হৃদয়লৈ বৈ যাব পৰাকৈ ভালপোৱাৰ এখনি নদী এয়া।তাৰ গভীৰতাৰ উমান আপুনি বা মই পাব নোৱাৰো । প্ৰেম শাশ্বত। ই বৈ যাব অনাদিকাললৈ আপোনাৰ পৰা মোলৈ, মোৰ পৰা আপোনালৈ । আজিলৈ সামৰোঁ প্ৰিয়তম। নহ'লে যে আৱেগবোৰে আপোনাকো বশ কৰি পেলাব -- ঠিক মোৰ দৰে। একাঁজলি মৰম আপোনালৈ বুলি পুনৰ যাঁচিলো প্ৰিয়তম, আপুনি আলফুলে আকোঁৱালি ল'ব। কেতিয়াবা যদি নিজৰ বাবে প্ৰাৰ্থনা কৰিছোঁ ইশ্বৰৰ থাপনাত, আপোনাৰ বাবেও কৰিছোঁ। আপোনাক বাদ দি মোৰ জীৱন পূৰ্ণ হ'ব নোৱাৰে প্ৰিয়তম। আপুনি কুশলে থাকক প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তত --- তাৰেই কামনা মোৰ। শেষত, আপুনি অহালৈ মই বৰ হেঁপাহেৰে বাট চাই ৰ'ম---
"আকাশক ক'ম,সমস্ত নীলাবোৰ মোক ছতিয়াই দিয়া।
বতাহক ক'ম,এটি পললৈ তুমি ৰৈ যোৱা।
গছবোৰক ক'ম, সেউজীয়াবোৰ মোক উপহাৰ দিয়া।
আৰু মই...
তাৰেই এখনি পৃথিৱী সাজিম আমাৰ ভালপোৱাৰ ।।"

                                           
ইতি,
                                          
আপোনাৰ প্ৰিয়তমা 
কল্পনা বৰা,গোলাঘাট জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)