মায়াজাল-শ্ৰৱন তেলী

©Admin
0
ৰহস্যময় সংসাৰৰ মায়া মোহিত প্ৰাণী আমি ,
মায়াৰে পৰিচালিত মঞ্চৰ পুতলা আমি ।

নয়নৰে নয়নিত বাস্তৱখন মায়াজালৰ মৰিশালি 
কষ্ট সাহকৰ ৰণভূমিৰ লক্ষ্য কেৱল মৰিচীকা ।

সুগম বাটত পোহৰৰ ৰেঙনি দেখুওৱা জনেও ,
দুৰ্গম বাটত হতাশাৰ অন্ধকাৰ দেখুৱাব। 

 
কোন আপোন কোন পৰ আটাইবোৰ মায়াজালৰ চক্ৰ ,
কেৱল মাত্ৰ অপেক্ষাত কোন প্ৰকৃত কোন কেৱল কল্পনাৰ পাত্ৰ ।

মিথ্যাচাৰ সমাজত শিষ্টাচাৰ অভিনয়হে কেৱল ,
প্ৰকৃতিৰ পৃথিবীখনত কৃত্ৰিম চৰিত্ৰহে কেৱল ।

✍️শ্ৰৱন তেলী
  উদালগুৰি, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)